অপেক্ষা- ধনমণি কোঁৱৰ

©Admin
0
এদিন দুদিন কৰি
অপেক্ষা কৰিয়ে
পুৰ্ণ হল আজি এবছৰ।
তুমি আহিবা,
বুকুত সপোনৰ বুটা বছা ফুল গাথিবা
বুলি অপেক্ষাতে আছো।
মইয়ে যে কেৱল তোমালৈ বুলি,
অপেক্ষা কৰিছো এনে নহয়।
বকুল জোপাইও হেনোঁ তোমালৈ বুলি
অপেক্ষা কৰে ।
সেই যে ৰঙা লাহি-পাহি গোলাপ পাহ
সিও হেনোঁ অপেক্ষা কৰে তোমালৈ বুলি।
কেতিয়াবা দুপৰিয়া নিজান সময়ত 
বকুল জোপাৰ কাষলৈ যাওঁ
তোমাক নেদেখি
বকুল জোপাই উত্তৰ বিহীন প্ৰশ্ন কৰে
"কত তোমাৰ প্ৰেয়সী"? 
সেই একে উত্তৰ বিহীন প্ৰশ্ন কৰে
ৰঙা লাহি-পাহি গোলাপ পাহেও
বকুল গোলাপক বুজাও মই  
তুমি কোৱা "ক্ষন্তেক অপেক্ষা কৰা" কথাটো
কিন্তু 
আকোঁৰগোজ বকুল গোলাপে যে কলেও নুশুনে মোৰ কথা।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)