ফাগুন- অনন্ত কুমাৰ ভূঞা

©Admin
0
সময় হ'লে 
ফাগুন আহিব 
নিজৰ বাট বিচাৰি 
শীতৰ বিদায় ক্ষণত
বৰদৈচিলাজনী লগত লৈ
ফাগুন আহিব আপোন ভাৱত ।
শীতৰ অন্তিম ক্ষণত
ফাগুন বাউলি হৈ আহিব ধৰাৰ বুকুলৈ । 
আমনি লগা সেমেকা সন্ধ্যা
পাহৰাই দিবলৈ ফাগুন আহে 
ধুলিৰ ধুমুহা লগত লৈ 
বিৱৰ্ণ কৰে শৰীৰ 
ধুলিময় কৰে সেউজীয়া গছৰ পাত 
লঠঙা গছ সজাবলৈ ফাগুন আহে । 
ফাগুনে শুকুৱাই আদ্ৰভূমি
বৰদৈ চিলাজনী মাকৰ ঘৰলৈ যায়  
ফাগুনৰ উদাসী ভাৱত 
মন বিভোৰ হয়  
প্ৰণয়ৰ অনুভাৱে আমনি কৰে মন 
কুলি কেতেকীৰ সুৰীয়া মাতে প্ৰণয় নিচুকায় ।
নৈ পৰীয়া 
গাভৰু জাকে গা পখালে 
ঝাওঁ‌ বিৰিণাৰৰ আঁ‌ৰত
হেঁ‌পাহেৰে মৰম যাঁ‌চে ।
আমে মলিয়াই 
কঠালে মুচি পেলাই 
এইয়া যে ফাগুন অহাৰ বাতৰি । 
গছত কুঁ‌হিপাত ওলায় 
বসন্ত উৎসৱৰ বাবে নাচনীয়ে 
নৃত্য গীতৰ আখৰা কৰে । 
আলহী চৰাই জাক নিজ দেশলৈ উৰা মাৰে, 
আকাশ খন গোমা হয়  
ফাকুৱা উৎসৱ এই ফাগুনতে পৰে 
শিল্পীৰ অভিনয়ে মঞ্চ কঁ‌পায় তোলে 
আইতা জনীৰ নাতিনীৰ বিয়া খনো 
ফাগুনতে পাতে 
এইয়া যে যৌৱনৰ উৰ্ব্বৰ সময় । 
কাকুতি কৰিছোঁ‌  
ফাগুন বৰদৈচিলা জনী লগত লৈ 
হিলদল ভাঙি ছিঙি নাহিবি দেই 
আজি নাতিনী জনীৰ 
জোৰোণ আহিব
কালিলৈ বৰ যাত্ৰী আহিব
ৰভাৰ তলি উদুলি মুদুলি হব 
লগন যে পৰিছে ফাগুন মাহতে 
কন্যা লৈ বৰ যাত্ৰী ঘুৰি যাব নিজ ঘৰলৈ  
ফাগুন তুমি মঙ্গলময় হৈ থাকিবা
আশীৰ্বাদ যাঁ‌চিবা দেই ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)