মাজে তাই ঘূৰি ফুৰিছিল সহায়ৰ
ঠিকনা বিচাৰি সেমেকা চকুযুৰি,
সংগী হৈছিল তাইৰ ছাঁৰ দৰে এটি
বিষন্ন আশাৰ ৰেঙণিৰ দৰে ।
কলিয়া ডাঁৱৰে আৱৰি ধৰিছিল
তাইৰ সমগ্ৰ মুখমণ্ডলত নিশ্চয়,
তেতিয়া এজাক বৰষুণ আহিব
খুজিছিল দুটি অশ্ৰুসিক্ত নয়নৰ
আঁৰে আঁৰে তথাপিও তাই সামৰি
ৰাখিছিল অৰ্থহীন বৰষুণৰ
টোপালবোৰক আৰু তাই
আগুৱাই গৈছিল পোহৰৰ ঠিকনা
বিচাৰি সহায়ৰ হাতখন বিচাৰি ।
এসময়ত শেষ হৈছিল সেই ভিৰ
নিশ্চয় তেতিয়া নিশব্দে বৈ গৈছিল ,
তাইৰ বাধাপ্ৰাপ্ত বৰষুণৰ টোপালবোৰ
তেতিয়া এজাক সচাঁকৈ বৰষুণ
আহিছিল আৰু তাই দৌৰিছিল
এঠাইৰ পৰা আন ঠাইলৈ
কিন্তু তাইৰ নাই সঠিক
ঠিকনা কাৰণ তাই অঘৰী ।
✍️ হীৰক কলিতা , স্নাতক দ্বিতীয় ষান্মাসিক , নলবাৰী মহাবিদ্যালয় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ