পণ্ডিতৰ দুই পুত্ৰ- হিৰণ্যময়ী বৰুৱা

©Admin
0
সংসাৰখন পণ্ডিতৰ সুখৰ আছিল 
বুলিয়েই সকলোৱে ওচৰ চুবুৰীয়াই কবলৈ ধৰিছিল।মানুহৰ মুখে ব্ৰজমুখ বুলি সকলোৱে কব খোজে।
চাওতে চাওতে দিন গল,ৰাতি পুৱাল।মানুহ সময়ৰ দাস।
এদিনাখন পণ্ডিতৰ পত্নীৰ হৰ্ঠাৎ শৰীৰটো দুৰ্বলহৈ পৰিল আৰু কণমাণি কেইটাক এৰি থৈ আকাশলৈ গুচি গ'ল।এনে সময়ত 
পণ্ডিতৰ বহুত অসুবিধা হল।এফালে কমমাণি ধুনীয়া ধুনীয়া দুটি পুত্ৰ সন্তান আৰু আনফালে সময়মতে অহা যোৱা কৰিবলগীয়া হয় পঢ়াশালীলৈ।চৰকাৰী চাকৰি।
দৰমহা আজিৰ দিনৰ দৰে অতিমাত্ৰা নাছিল।সেয়েহে পণ্ডিতে
সময় সুবিধা চাই লৈ ঘৰুৱা শিক্ষকতাও কৰিছিল।এনে এজন পণ্ডিতে আমাৰ ঘৰলৈ আহিছিল আৰু আমাৰ ঘৰত মোক আৰু মোৰ ডাঙৰ ভাইতিক পঢ়াইছিল।তেতিয়া আমি তৃতীয় চতুৰ্থমান শ্ৰেণীত পঢ়িছিলো।
সকলোৰে মুখে মুখে কথাষাৰ শুনিছিলো কাৰণে এদিনাখন ময়ো মোৰ আইক কথাষাৰ সুধিছিলো।
:অ, আই।কথাষাৰ সচানে বাৰু?পণ্ডিত চাৰৰ দুই সন্তানক বোলে মাহীমাকে দাৰে মূৰ দুটা কাটি দলিয়াই দিছিল।চাৰজনলৈ আমাৰ ভয় লাগে।
আইয়ে আমাক বুজনি দিলে।নেপায় নহয়,শিক্ষকৰ এনেবোৰ কথা খুচৰি সুধিবলে।তোমালোকে ভালদৰে পঢ়িবলৈ বহুত কষ্ট কৰি চাৰজনক নিমন্ৰণ কৰি আনিছো।তোমালোকে এনেবোৰ কথা উল্লেখ কৰিলে কিন্তু তেওক আহিবলৈ বন্ধ কৰি দিম।
: আই তুমি এনেদৰে নকবাচোন।তোমাক কথাষাৰ নুসুধি কাকনো সুধিম।
:হব ,তেতিয়াহলে।
আমি দুটা মনে মনে থাকিলো।
আইৰ মতে মানুহক দুখৰ দিনত পাৰিলে সহায় সহযোগ কৰিব লাগে,তেতিয়াহে ভগৱানে মানুহক ভাল পাব।
:হে ঈশ্বৰ মোৰ আই অন্য আইৰ দৰে নহয় কিয়? আইয়ে জনামতে
আইৰ খুড়াকৰ সৈতে একেলগে একেখন পঢ়াশালীতে চাকৰি কৰিছিল। মানুহজন আছিল নীতি পৰায়না।কেতিয়াবা সৎ মানুহৰো দুখৰ দিন আহে।কথাতে কয় নহয় জ্ঞানীৰো বুৰে নাও,হস্তীৰো পিছলে পাও।
আইয়ে কোৱা কথাষাৰৰ বুজিবলৈকে আইক বহত তেলানি মাৰিছিলো।
:আই অ",তুমি কথাবোৰ কলে শুনি যাবৰ মন যায়।কোৱাচোন বাৰু 
তোমাৰ খুড়াৰ বন্ধুপণ্ডিত চাৰৰ গৃহস্হিখনৰ কথা।ইমান ধুনীয়া হাহিমুখীয়া পণ্ডিতচাৰ জনক দেখামাত্ৰকে দেখুন তোমাৰ মনত ভক্তিপদে গদগদ হৈ পৰে।
আইয়ে মুখ খুলিলে।কথাষাৰ কবলৈ ধৰিলে।
ঘৰখন লৰাকেইটা ভালদৰে চাবলৈকে মানুহজনী মানে দ্বিতীয় পত্নিক ঘৰলৈ লৈ আহিছিল।উদ্দেশ্য মাথো এটাই আছিল সন্তান দুটি খোৱালোৱাচোৱা লগতে পণ্ডিতচাৰক সময় মতে আহাৰ মুঠি দিয়াটো।মানুহজনী দুখীয়া পৰিয়াল এটাৰ আছিল যদিও তাইৰ ডালিমগুটীয়া দাতে হাহিছিল।গাল দুখনত সূয্যৰ ৰঙাপোহৰে গালৰ ৰ্ং উজ্বলাই তুলিছিল।মৌনভাৱেৰে পৰিয়ালটি 
চলাই গৈছিল তাই।মানুহজনীৰ নাম আছিল "গতি"_.
গতিয়ে সমাজে নকৰা এটা কামকে কৰিলে।বৰ বেয়া কথা। 
:কি কৰিলে আই।
:এইবোৰ কথা তহতক কম জানো।যদিহে তহতে পণ্ডিতক নকৱটো।
:আই নকও।নকও।তিনি শপত।
আইয়ে দীঘলীয়া উশাহটো টানিলে আৰু বাৰান্দাতে বহিলৈ তামোলৰ বটাটোৰ পৰা তামুলখন আনি মুখখনত দিলে।পূৱফালৰ বেলিটোলৈ চাই চাই মনটো মাৰি পেলালে।
এতিয়া আইৰ খুড়াক ও নাই পণ্ডিত চাৰো নাই।
:হব আই। মানুহ এই পৃথিৱীত বেছি দিন নেথাকে নহয়।
কবিয়ে কবিতাত ৰচনা কৰিছে দেখুন।
আহিছে মানুহ গৈছে মানুহ
মানুহ মায়াপী জীৱ।
:তহতৰ আগত কথা উলিয়াবলৈকে ভয়।
এইয়া ভাগ্যৰ বিড়ম্বনা সাংসাৰিক জীৱনৰ।তথাপি মাতৃহীনা সন্তান দুটি তুলি তালি ডাঙৰ দীঘল কৰিবলৈ ধৰোতেই এইয়া এক বিসঙ্গতি ঘটিল। সময়ে কথা কলে।
সন্তান কেইটিৰ মাতৃ ঢুকুৱাৰ এবছৰৰ পাছতে মাহীআই আহি ঘৰলৈ অন্য এক নিয়ম নীতি আনিলে।মাহীআইৰ কথা যি আছে তাকে তহতক দিম।নোহোৱা বস্তুটোৱে তহতি উৎপাত অকণোকে নকৰিবি।
:কিয় মাহীদেউ।আমাৰ দুটাৰে জ্বৰ হৈ আছে।ৰঙাচাহপানীৰ সৈতে মিথৈ অকণমান খাবলৈ দিয়ানা মাহী।
:এইয়া লচোন।টেমাটো ৰুকি ৰুকি দিছো।দেউতাৰা ঘৰলৈ আহিলেহে মিথৈ/গুৰ লৈ আহিব পাৰিব।
নাই মাহী য়েকৰ কথাত সিহতি দুটাই অধিক গুৰুত্ব প্ৰদান নকৰিলে।মিথৈ লৈ দুয়োটাই আমনি কৰিছে।অন্যফালে মাহীআই গতিৰ মাকৰ ঘৰখনলৈকো মনত পৰিল।ইমান দিন হল কেৱল এইপৰিয়ালটোৰ মানে সমাজে যাক পণ্ডিতচাৰ বুলি মাতে, সেই চাৰজনে কেৱল পৰৰ লৰাছোৱালী পঢ়াই মানুহ কৰিবহে জানে, ঘৰত দুটা বেমাৰীসন্তান এৰিথৈ পঢ়াশালী,ঘৰুৱা শিক্ষকতা আদিহে কৰিব জানে।এবছৰ পাৰ হল,গতিৰ বাবে কেৱল ৰান্ধীনী গৃহটো আৰু চৰুটো বুকুত লগতে সতীনিৰ দুইপুত্ৰ।জাৰজ সন্তান কেইটা দেখিলে মাহী আই গতিৰ মনলে বাৰে প্ৰতি আহে একে কথা।
:মাকজনী নমৰিবনে এনবোৰ পৰিবেশত। আঐ তহতিও যমনীৰ ওচৰলৈ যাগৈ।বাপেৰে পণ্ডিতে লোকৰ লৰাছোৱালী পঢ়াই থাকক।তহতি বেমাৰি দুটাই বিচনাত শুই থাকগৈ যা।
:মাহী আই তহতি উৎপাত কৰি নেথাকিবি।মোৰ খং উঠিলে দিম।
বেচাৰা দুয়োটা লৰাই ভয়তে বিচনাখনিত বাগৰ সলাই টোপনি মাৰোতেই ঘটনাটো ঘটিল।
:কালিকা লাগিছে নেকি এইজনীৰ।
চুলিকোচা মেলিলৈ দাখনেৰে___
_ৰঙাতেজেৰে চোতালখন ভৰি পৰিল।চোতালখনত হৈ ছৈ কৰি গাওৰ মানুহ ভৰি পৰিল। কোনো কোনোজনৰ মুখত কথা বাগৰিল।এনেতে পুলিচবৰ্গ আহি মাহীআই গতিক ধৰি নিলেহি।
পণ্ডিতৰ ঘৰখন ঘৰ গুচি বাহনি হৈ পৰিল।
চাৰিকুণীয়াগাওৰ মানুহৰ মুখে মুখে আলোচনা বিলোচনা চলিল।
গোচৰ চলিল।দীঘলীয়া গোচৰ।
বিচাৰকে যিদিনাখন গোচৰটোৰ বিচাৰ কৰিলে ,মাহীআই গতিৰ গোটেই জীৱন কাৰাদণ্ড দিয়া হ'ল।
এনেদৰেই মানুহৰ মুখে মুখে কথাষাৰ আজিও চলি থাকিল।
ঘৰদূৱাৰ নোহোৱা হাবিয়সী ডৰাৰ মাজত শনিবাৰে দেওবাৰে দুপৰীয়া দপৰবেলাত দুটি সমবয়সৰ লৰা বহুতে দেখা পায়।
:অ,আই আৰু নেলাগে দেই।এইবোৰ কথা শুনিলে আমাৰ মনটোত ডাঙৰ শিল এটা বান্ধি দিয়াৰ দৰেহে লাগে।
 
জানিবলগীয়া কথা_পণ্ডিত চাৰে তেতিয়াৰ পৰাই ঘৰৰ ভিতৰ সোমাবলৈ ভাল নোপোৱা হল।সংসাৰত জুই লাগিলেও সমাজত জুই নেলাগক বুলিয়ে পণ্ডিতচাৰে
সমাজৰ বহুতো ছাত্ৰছাত্ৰীক মানুহ কৰিলে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)