জীৱন কথাছবিখন- শৰ্মিষ্ঠা বৰা

©Admin
0
আজি চুলি ফনিয়াই থাকোতেন মা আহিল , আইনাখনত জিলিকি থকা মোৰ মূখনলৈ চাই ক'লে ," ৰিঙ ফুলি জোৰ খুলিব হ'ল তোৰ " 
      বৰ আচৰিত কিবা এক অনুভব হ'ল ...! ধেই এসোপা যেন শব্দই হেচা মাৰি ধৰিল... ! ডাৱৰ-ফুলৰ ভাবনাত বুৰ গৈ থাকা মইজনীয়ে কেতিয়াও হাৰ্ডকপিত জীৱনৰ অংক কৰা কথা ভাবিয়েই নাপালো ! ধুমুহা ধেই , তথাপি সেইবোৰৰ মাজতে এই মনটো এতিয়াও এপাহ বেলিফুল , জোনে ৰ'দ বিচাৰে , ডাৱৰ জুখে আৰু আবেলিৰ চৰাইজাক ভূমুকিয়াই হে টুপনি যায় । বুজি পাওঁ এতিয়া ! মাৰ আচলখন প্ৰিয় হৈ সদায় থাকিব , পিছে সেই আচলতে খামুচি খোজ কঢ়াৰ কাহিনীটো এতিয়া যে মাত্ৰ এখন কথাছবি ... কেতিয়াবা যাৰ দৃশ্য বোৰ মই সোৱৰাম । অকলে আগবঢ়া কথাটোৰ লগত ঘপকৈ খাপ খাব পৰা নাযাব , এবাৰ দুবাৰ উজুতি খাম চাগৈ , তথাপি এই কেঁচা আলি শুকাই ৰঙচুৱা হৈ নোযোৱালৈকে ৰৈ যোৱাটো অসম্ভৱ !
       ইয়াৰ মাজতে ঋতু সলনি হ'বই , জানো .. ! 
      কেতিয়াবা প্ৰিয় ফাগুন আহিব ...সেই ৰঙাৰ সৈতে , উদুলি-মুদুলিকৈ তাতেই আকৌ বৰদৈচিলাই মাকৰ ঘৰলৈ যাবহি । কেতিয়াবা গ্ৰীষ্মৰ চোকা ৰ'দছাতিয়ে চকুত চাট্
মাৰি ধৰিব আকৌ তেতিয়াৰ দিনবোৰত বেলি ডুবিলেও , ওখ ওখ ঘৰবোৰ সেন্দুৰীয়া হৈ আবেলিৰ আলস সিচিব । বৰ্ষাৰ আদৰত মোৰ চোতালৰ তুলসী জোপাই প্ৰাণ পাব , নাচা- বগা কৰিব , একে ধপ্-ধপনি মোৰ ৰঙা তেজতো হ'ব। আকৌ কেতিয়াবা শৰৎ আহিলে শেৱালীৰ শিতল ঘাম লাগি ধপ্-ধপনিবোৰ শান্ত হ'ব ! শীতত কুৱলী সনা জোনাক চাই কটাম , বসন্তত কিজানি কপৌফুল হৈ ফুলিম ! 
      নৈ দৰে বৈ যোৱাটো বাধ্যতামূলক ! বৈ যাবই লাগিব ... । তাৰ মাজতে শিলত ফুলা ফুলপাহ চই যাব নাপাহৰো , বনৰিয়া গোলাপৰ সুবাস লৈ ডাঠ সেউজীয়াবোৰৰ মাজত এদিনটোতো এৰি দিমেই নিজক , তাৰ পাছতে বাগৰি ইপাৰ পাবগৈ লাগিব ।
      এই আৰম্ভণিত শেষ হোৱা পাখী থকা ল'ৰালীৰ ফাকুৰ গোন্ধ , মোৰ এবছৰীয়া চোলাটোৰ দৰেই বাকচত সাচি থম ।  
      এই জীৱনৰ শেষত মোৰ কাঠৰ মেজখনত কেবাখনো উপন্যাসে ঘৰ ল'ব , তাৰ ভিতৰৰ কোঠালীত দুখন এখন চিঠি , যাৰ ঠিকনা ...নাই ইমানতে সামৰো অলপ জীৱন কাহিনী এতিয়া আন্ধাৰতে থাকক , কিজানি তেতিয়ালৈ পাৰিজাত হৈ ফুলিব । 
      ধেই এসোপা যেন শব্দই হেচা মাৰি ধৰিল...!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)