মোৰ কবিতা-মানস জান শইকীয়া

©Admin
0
কি লিখিম, কি লিখিম
ভাবিকে পোৱা নাই,
লিখিবলে’ কোনো কথা নাই ;
আঁকিবলে’ কোনো ছবি নাই;
আছে মাথো চাৰিওফালে
অন্যায় ,অবিচাৰ
হিংসা,কোলাহল। 
নিৰ্মল বায়ুত পাপৰ টোপাল পৰি
বিষাক্ত গোটেই জগত,
ধনাত্মক জীৱনত ঋণাত্মক চিন্তাৰে
মানৱক কৰিছে বগলী ভকত। 
আশাবোৰে চাৰিওদিশে লুকা-ভাকু খেলি
বিলাইছে অশান্তিৰ জোৱাৰ,
সাহস আৰু সান্ত্বনাৰ অভাৱত আজি
অদৃশ্য চেষ্টাৰ দুৱাৰ। 
ভূল বিচাৰ, ভূল বিবেচনাই
কাঢ়িছে সফলতাৰ চাবি,
সেমেকি পৰিছে মুখৰ হাঁহি
অতীষ্ঠ জীৱনৰ কথা ভাৱি। 
  

◾মানস জান শইকীয়া
ৰঙামাটি চেউনী গাওঁ,বাদুলিপাৰ গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)