নগেনৰ "ভেলেণ্টাইন ডে"- অনিন্দিতা খনিকৰ হাজৰিকা

©Admin
0
"ভেলেণ্টাইন ডে" আজি সমাজৰ বৰ প্ৰয়োজনীয় এটা দিন।ডেকা-গাভৰু,কিশোৰ-কিশোৰীৰ কথা বাদেই স্বামী-স্ত্ৰীৰ কাৰণেও আৰু বিশেষকৈ আজিকালি পৰ পুৰুষ আৰু পৰ স্ত্ৰী বোলা সকলৰ বাবেও বৰ দৰকাৰী এটা দিন। নহ'বইবা কিয় সংসাৰৰ দাইল তেল হালধী নিমখৰ হিচাপ-নিকাচৰ যোগ-বিয়োগ পূৰণ- হৰণ কৰি থাকোঁতে প্ৰেম- ভালপোৱা গৈ খং- ৰাগ পোৱা- নোপোৱা তোমাৰ- মোৰ গালি-গালাজতে শেষ হয়।"ভেলেণ্টাইন ডে" বুলি অন্ততঃ পতি পত্নীয়ে হোটেল ৰেষ্ট্ৰোৰাত একাপ কফি ,অথবা চিনেমা হলত বহি এখন চিনেমাৰ সোৱাদ লোৱা, মন্দিৰ দৰ্শন অথবা লং ড্ৰাইভত যোৱাৰ সুবিধা হৈছে ।মিছা কোৱা নাই কিন্তু দেই। বহুতো ভাঙনমুখী সংসাৰ এই "ভেলেণ্টাইন ডে"ৰ কাৰণেই যোৰা লাগিছে।কাৰণ ই এটা দিঘলীয়া প্ৰছেছ।চকলেট ডে,ৰজ ডে,কিচডে এইবিলাক নৃত্যনাটিকাৰ অন্ততহে "ভেলেণ্টাইন ডে" আহে তাৰ পাচত আকৌ "শ্লেপডে" ।ধেৎ তেৰি...
           আমাৰ নগেন আকৌ হিচাপে নিকাচত চোকা।সেয়ে হিচাপ নিকাচ কৰি "চকলেট ডে" বুলি সেইদিনা ঘৰলৈ ʼchocos'ৰ পেকেট এটাকে লিকুইট গাখীৰৰ পেকেট এটাৰ সৈতে আনি ঘৈনীয়েকৰ হাতত দিলেহি।
নগেননীয়ে বোলে----হেৰি, ল'ৰা ছোৱালী দুটা বাহিৰতে থাকে,আজিনো আপোনাৰ কি মন গ'ল এইবোৰ আনিবলে ।
নগেনৰ চিধা উত্তৰ --আজি "চকলেট ডে" বুজিছ, আমাৰ নো আৰু কি!চকলেটৰ সলনি 'Chocos'কে আনিলোঁ আবেলিৰ জলপান তাৰেই হ'ব ।
      পদুমী অৰ্থাৎ নগেননী একেবাৰে হোজা ।দাইলত নিমখ কিমান দিব, টেঙা আঞ্জা কেনেকৈ ৰান্ধিব ,কচু শাকৰ আঞ্জা ত কি টেঙা দিব ,তাঁতশালত কেইবাটি ব' তুলিব এইবোৰৰ হিচাপহে জানে দিন দুনীয়াৰ খৱৰ তাই নেজানে।
গিৰীয়েকে কোৱাৰ দৰেই পদুমীয়ে গৰম গাখীৰতে চ'কজ ঢালি আনি নিজেও খালে আৰু গিৰীয়েককো দিলে ।
       "প্ৰমিছ ডেৰ" দিনা শোৱাপাটীতে নগেনে পদুমীক সুধিলে--ঃ পদুমী,হঠাৎ যদি মই উপাৰ্জন হীন হৈ যাওঁ,তই বাৰু মোক এৰি থৈ যাবিগৈ নেকি?
পদুমী...ঃ ঔ আই,কি কথাবোৰনো সুধিছে হয়নে? আপোনাৰ কিবা গা- মুৰ বেয়া নেকি? এইবুলি কপালখন চুই চালে । কাইলৈ মোৰে জনিবা কিবা হ'ল ,আপুনি জানো মোক এৰি থৈ যাব? মাতটো তাইৰ থোকা-থুকি হ'ল।
নগেন...ঃ নেযাওঁ অ আঁকৰিজনী । এনেয়ে সুধিলোঁ ।
নগেনে "প্ৰমিছ ডে"বুলি কবলৈ অলপ বেয়া পালে।

     আজি আকৌ "rose day "। গোলাপ বিচাৰি গোটেই বজাৰ ঘূৰিছে ।ওঁহো,মনৰ জোখাৰে দামে-দৰে নিমিলেহে নিমিলে ।শেষত চিনেমা হ'লৰ ওচৰত বিক্ৰী কৰি থকা গোলাপ এপাহ ফুলি থকা তাৱ এটাকে কিনি আনিলে নগেনে।
নগেনে পদুলিৰ পৰাই চিঞৰি মাতিলে : পদুমী,হুঁ আজি "ৰ'জ ডে" বুলি তোলৈ এইটোকে আনিলোঁ ।যত্ন কৰিলে অহা বাৰলৈ ঢেৰ ফুল ফুলিব বুজিলি ।
আচৰিত হৈ পদুমীয়ে সুধিলে :হে'ৰি,কি ডে বুলি ক'লে?
নগেনে হাঁহি মাৰি -- "ৰ'জ দে"অ ...! প্ৰেমিকে প্ৰমিকাক গোলাপ এপাহ দি মনৰ ভাৱ ব্যক্ত কৰে ।
পদুমীয়ে মিচিকিয়াই টাবটো হাতত লৈ আগফালে পানী অকন দি সামৰি থলেগৈ।
       নগেনৰ মনত আজি ২৫ বছৰৰ আগৰ কথাবোৰে বৰকৈ আমনি কৰিছে । গুলপীয়া গালৰ ধুনীয়া ছোৱালী জনীক নৈৰপাৰত প্ৰথম দেখাতে যে সি প্ৰেমত পৰিছিল...আৰু আন কোনোবাই নিয়ে বুলি আগতীয়াকৈ চাইকেলত উঠাই পলোৱাই আনিছিল ।সেই দিনটো লৈ মনত পৰি তাৰ ভাল লাগি গ'ল।এতিয়া পদুমী দুটা সন্তানৰ মাক ।অকনো ৰাগ- জাল নোহোৱাকৈ পদুমীয়ে তাৰ সংসাৰ খন চলাই নিছে ।কেতিয়াও কোনো কথাতে তাই আপত্তি কৰা নাই।অলপ পোটোকা নপৰা নহয় তথাপিও আন দহজনী মহিলাতকৈ কোনো গুণে কম ধুনীয়া নহয়।তাৰ পদুমীলৈ মৰম লাগি গ'ল আৰু তাইৰ গালত টপকৈ এটা চুমা আঁকি দিলে।
চিলমিল টোপনিত থকা পদুমীয়ে সাৰ পায় ক'লে ----হেৰি ল'ৰা-ছোৱালী ডাঙৰ হ'ল এতিয়া এইবোৰ...!
নগেনে হাঁহি হাঁহি ক'লে----নহয় অ ,আজি হেনো "কিছ ডে" সেই বাবে তোক চুমা এটা দিলোঁ।
পদুমীয়ে হাঁহি মাৰি পুনৰ টোপনি গ'ল।
নগেনৰ কিন্তু টোপনি নাই ,।সি চিন্তা কৰিছে কাইলৈ "ভেলেণ্টাইন ডে" , কেনেকৈ নো চেলিব্ৰেট কৰা যায়!তাতে এইবছৰ সিহঁতৰ বিয়া হোৱা ২৫ বছৰ পূৰ্ণ হ'ব। গতিকে পদুমীক এটা চাৰপ্ৰাইজ দিব লাগিব।
বহুত চিন্তা ভাৱনাৰ অন্তত নগেনে ঠিক কৰিলে কাইলৈ পদুমীক সি চিনেমা দেখুওৱাব।বিয়াৰ পাছতেই যি সিহঁতে চিনেমা চাইছিল "কভী খুচী কভী গম" তাৰ পাচত আজি পৰ্যন্ত পদুমীয়ে চিনেমা হ'লত ভৰি দিয়া নাই।
        ভবা মতেই কাম।১৪ তাৰিখে অফিচ পায়ে নগেনে বৰবাবুক কৈ ভাতিবেলাৰ ছুটি বিচাৰিলে আৰু ঘৰলৈ আহোঁতে ই দুটা টিকট লৈ আহিছে "ডাঃ বেজবৰুৱা"চাব ।
         নগেন আহি ঠিক ঘৰ পাওঁ পাওঁ হৈছে, তেনেকুৱাতে নিজৰ ঘৰৰ পদুলিত ৰৈ থকা শইকীয়ানী বৌৱে মাত লগালে...অ নগেন,অফিচৰ পৰা আহিলা?
নগেন--হয় বৌ,কওকচোন,ভাত খালে?
শইকীয়ানী--ওঁ খালোঁ।অ নগেন,কাম এটা কৰি দিবা?
নগেন ঃ কওকচোন বৌ ।পাৰিলে টো কৰি দিমেই
শইকীয়ানী --অ নগেন "ডাঃ বেজবৰুৱা "ৰ টিকট দুটা আনি দিবা?
নগেনে হাঁহি হাঁহি--- অঃ দাদা আৰু আপুনি চাব হপায়?
শইকীয়ানীঃ ইছ... ভালটোকে কৈছা তুমি। দাদাৰাইনো চিনেমা চাবগৈ নে? সন্ধিয়া হোৱাৰ লগে লগে এক প্লেট ফ্ৰাই চিকেন আৰু এটা BLACK DOG তাৰ পিছৰ দুনীয়া খন তেওঁৰ নিজৰ।কোন কলৈ গৈছে কি কৰিছে কি খাইছে একো খবৰ নাই।  
                কথাটো মিছা নহয় ,নগেনেও শুনিছে শইকীয়ানী বৌৰ বহুত বদনাম। যাৰে তাৰে লগত ঘুৰি ফুৰে, চিনেমা থিয়েটাৰ চাই,বজাৰ কৰে ।শইকীয়াদাইও কোনো আপত্তি নকৰে।
নগেন... তেনেহলে লগত কোনে চাব?
শইকীয়ানী...তুমি আৰু মই আকৌ !
             নগেনৰ বুকুত ঢোল পেঁপা গগণা খোল মৃদংগ একেলগে বাজিব ধৰিলে ।সি টিকট দুটা জেপতে এবাৰ চুই চাই ভাবিলে ...ভেলেঙী পদুমীৰ লগত চিনেমা চোৱাতকৈ আজি ৰঙীন দিনটো শইকীয়ানী বৌৰ লগতে উপভোগ কৰা যাওক।
নগেনে ক'লে---ঃ হ'ব বৌ , মই চিনেমা হলৰ মুখতে ৰৈ থাকিম। আপুনি আহিব।
শইকীয়ানী... ঃ ডেটচ্ লাইক এ গুড বয়।
       ঘৰলৈ আহি নগেনে গা পা ধুই ষ্ট্ৰী মৰা কাপোৰ এসাজ পিন্ধি পাৰফিউম অকণ লগাই ওলাল শইকীয়ানী বৌৰ লগত চিনেমা চোৱাৰ উদেশ্যে।
যাবৰ সময়ত পদুমীক কৈ গ'ল…আজি অফিচৰ বৰবাবুৰ ল'ৰাটোৰ জন্মদিন ।মই অকণমান বজাৰত সোমাই তালৈকে যাম।অলপ দেৰি হ'ব পাৰে তই একো চিন্তা কৰিব নালাগে। বাৰে বাৰে ফোন মাৰি দিষ্টাৰ্ব কৰি নেথাকিবি।
পদুমী---ঃ হ'ব দিয়ক, আহকগৈ।
        নগেনৰ ঘৰ সোমাওঁতে দেৰি হ'ল।কাৰণ শইকীয়ানী ইমান অকৃতজ্ঞ নহয়। চিনেমা চাই বজাৰ সামাৰ কৰি ৰেষ্ট্ৰোৰেণ্টত ৰুটি মলাই চিকেন খুৱাই হে আনিছে।

           পিছদিনাখন ৰাতিপুৱাই পদুমীৰ ভনীয়েকৰ ফোন আহিল। কথাৰ মাজতে ভনীয়েকে ক'লে।
ভনীয়েক... অ বাইদেউ,কালি "ভেলেণ্টাইন ডে'ৰ দিনা তোৰ লগত নেদেখি ভিনিদেউক তহঁতৰ ওচৰৰ সেই শইকীয়ানীৰ লগত চিনেমা চোৱা দেখিলোঁ যে!
পদুমী...ঃ নহয় অ, তই আন কাৰোবাক হে দেখিলি।ভিনিদেউৰা কালি বৰবাবুৰ ল'ৰা টোৰ বাৰ্থ ডে খাবলৈ হে গৈছিল।
ভনীয়েক...: কি! মই নিজ চকুৰে ভিনিদেউ আৰু শইকীয়ানীক চিনেমা হ'লত দেখি আহিছোঁ।তই সুধচোন ভিনিদেউক হয়নে নহয়।
 পদুমী...ঃ হয় নেকি?সুধিম বাৰু ।পিছে ক চোন আজিনো কি ডে?
ভনীয়েক--শ্লেপ ডে ।
 ইতিমধ্যে নগেনে সপোন ৰাজ্যৰ পৰা ওভতি দিনটোৰ বাবে ঈশ্বৰক স্মৰণ কৰি বিছনাতে বহি আছে।
পদুমী খঙত টিঙিৰি-তুলা হৈ শুৱনি কোঠা পালেগৈ আৰু গাৰজোৰে নগেনৰ গালত কাটুক কাটুকৈ দুটা চৰ বহাই দিলে।
ফৰফৰাই যোৱা গাল দুখন মোহাৰি মোহাৰি নগেনে কি হৈছেনো গম ল'বলৈ যত্ন কৰোঁতেই দেখিলে মহিষাসুৰ ৰ্বধিনী দূৰ্গা গোঁসানী যেন ৰূপেৰে থিয় দি আছে পদুমী। নগেনে ভাবিছে ...এই নিমাখিত প্ৰাণীটোৰ আজি কি হ'ল!!
নগেনক আচৰিত কৰি পদুমীয়ে হাঁহি মাৰি কলে...
  ‌ আজি হেনো "শ্লেপ ডে"
নগেনে আৰু কথা নবঢ়ালে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)