লোকসাহিত্য-শিল্পী শিখা চাংমাই

©Admin
0
লোকসাহিত্য হ'ল সৰ্বসাধাৰণ মানুহৰ সুখ,দুখ, হৰ্ষ, বিষাদ, প্ৰেম, বিৰহ, আৱেগ,অনুভূতি, অভিজ্ঞতা প্ৰকৃতি আদিৰে পুষ্ট এক প্ৰকাশভংগী । ই সমাজত পৰম্পৰাগত ভাৱে মুখে মুখে প্ৰচলিত হৈ থকা এক লোক বিশ্বাসৰ প্ৰতিচ্ছবি ।

ড° নবীনচন্দ্ৰ শৰ্মাৰ মতে , "লোকসাহিত্য হ'ল লোকজীৱনৰ সঞ্চিত জ্ঞান আৰু অভিজ্ঞতাৰ বহি:প্ৰকাশ । 

          বিষয়বস্তু আৰু ৰচনা-ৰীতিৰ ফালৰ পৰা অসমীয়া লোক সাহিত্যক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভগাব পাৰি --
      ১/লোকগীত-
ক)অনুষ্ঠানমূলক
খ)আখ্যানমূলক
গ) বিবিধ বিষয়ক
২/ ফকৰা-যোজনা আৰু প্ৰবচন
৩/ সাধুকথা 

১/ক) অনুষ্ঠানমূলক : অনুষ্ঠানমূলক গীতৰ ভিতৰত বিহুগীত, বিয়ানাম, আইনাম আদি ।
বিহুগীত=বিহুগীত বিশেষকৈ অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহুত গোৱা হয় নৃত্যৰ লগত ।বসন্তকালত প্ৰকৃতিয়ে নৱযৌৱন লাভ কৰি অপূৰ্ব শ্ৰীধাৰণ কৰে ; পৃথিৱী শস্য সম্ভৱা হয় । সেয়েহে কৃষিজীৱী লোকে অধিক শস্য উৎপাদন কৰাৰ মানসেৰে এই গীত-নৃত্য কৰে । এই গীত নৃত্যৰ মাজেৰে ডেকা-গাভৰুৰ মাজত প্ৰেম নিবেদনো হয় ।
১/ স্বৰ্গদেউ ওলালে বাটচ'ৰাৰ মুখলৈ 
দুলীয়াই পাতিলে দোলা ।
কাণত জিলিকাৰে নৰা জাঙেফাই 
গাতে গোমচেঙৰ চোলা ।।
২/ তিনিটা আখৰে বিহুটি নামেৰে
কোনেনো লিখিলে ঐ শিলত ।
মামৰে নধৰে, ঘোনেও নধৰে
থাকি গ'ল অসমীয়াৰ মাজত ।

বিয়ানাম= অসমীয়া বিবাহ উৎসৱৰ বিভিন্ন উপলক্ষ্যত গোৱা পানীতোলা, গোঁসাই পূজা কৰা, দৰা কইনাক গা ধুউৱা, সুৱাগ-তোলা, দৰা-আদৰা আদি গীতবোৰত 'স্মৃতি-শাস্ত্ৰৰ নীতিৰ দ্বাৰা সংযত পবিত্ৰ মিলনৰ মধুৰ' সুৰ শুনিবলৈ পোৱা যায় । এই শ্ৰেণীৰ গীত গহীন আৰু ৰুচীপূৰ্ণ । আন এক শ্ৰেণীৰ বিয়ানামক 'যোৰা নাম ' বা ' খিচা-গীত ' বোলে । ১/ চাৰিওফালে কলৰ পুলি
মাজে মাজে আমৰ ডালি
তাৰে মাজে আমাৰ ভণ্টিয়ে 
কৰিছে ধেমালী 
সখিয়ে নুৱাই
সখিয়ে ধুৱাই
ৰাইজে বেৰি চাই ।

 ২/ আগে দিয়া পাছে দিয়া  
পঞ্চো আয়তীয়ে কি ৰাম ৰাম
পঞ্চো আয়তীয়ে
দুৰ্বাঘাটৰ পানী আনি
ৰামৰ মূৰত দিয়ে কি ৰাম ৰাম
ৰামৰ মূৰত দিয়ে ।

খ)আখ্যানমূলক : এই শ্ৰেণীৰ গীতৰ মাজেৰে একোটি আখ্যান বৰ্ণনা কৰা হয় । ইয়াক কাহিনী গীত বা মালিতা বোলে । বিষয়বস্তু ফালৰ পৰা মালিতাক তিনি শ্ৰেণীত ভগাব পাৰি - 
ক)বুৰঞ্জীমূলক
খ)জনশ্ৰুতিমূলক/কিংবদন্তি
গ )কাল্পনিক

ক) বুৰঞ্জীমূলক মালিতা ভিতৰত নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, মণিৰাম দেৱানৰ গীত, বদন বৰফুকনৰ গীত ইত্যাদি ।
১/ চৰাই ধানে খালে ছিটিকি পৰিলে
উফৰি পৰিলে কণ
কিনো চাই আছে গগৈ ৰাজখোৱা
মানতৰাই জিকিলে ৰণ ।( বদনবৰফুকনৰ গীত)

২/সোণৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম 
ৰূপৰ ধোঁৱাখোৱাত খালি;
কিনো ৰজাঘৰত দোৰোহ আচৰিলি
ডিঙিত চিপেজৰি ল'লি।

দেশ পাতিবলৈ ওলালি মণিৰাম
    যতৰাই মাৰিলে হাঁহি ;
লগৰ সমনীয়াই শতৰু শালিলে
    ল'লি যোৰহাটত ফাঁচি ।
           (মণিৰাম দেৱানৰ গীত)

৩/মাদুৰি চহৰত ডাঙৰ হৈ আছিলো
     বৰগোহাইৰ আছিলো জী,
গদাপানী কোঁৱৰে নিলে তংখুঙ্গলৈ
     চকলং বিয়াকে দি ।

হাবিতে কান্দিলে হয়কলি চৰায়ে
        ছিটিকাৰ মুখলৈ চাই,
জেৰেঙা পথাৰত কান্দে জয়মতী
        চাওদাৰ মুখলৈ চাই ।
           (জয়মতী কুঁৱৰী গীত)

খ) কিংবদন্তি/জনশ্ৰুতিমূলক গীতসমূহ হ'ল ফুলকোঁৱৰৰ গীত, জনাগাভৰু গীত, কমলা কুঁৱৰীৰ গীত, ময়নামতীৰ গীত ।

১/ কাঠৰ পখী ঘোঁৰাত উঠি ফুলকোঁৱৰে
    মাৰি যায় চাবুকটৰ চাট
আকাশে পাতালে উৰাৱত কৰিলে 
   আলাসত কৰিলে বাট ।
      ( ফুলকোঁৱৰৰ গীত)

২/মুখলৈ কি চাবা পূৰ্ণিমা জোন যেন
      চকুযুৰি সৰগৰ তৰা
গাললৈ কি চাবা সেন্দুৰি আম যেন
    জিলিকে নিলগৰ পৰা ।
        (জনাগাভৰু গীত)

গ) কাল্পনিক গীত সমুহৰ ভিতৰত বাৰমাহীৰ গীত, মধুমহীৰ গীত, জুনা কন্যা*, লীলাৱতীৰ গীত, জয়ধন বণিয়াৰ গীত আদি ।

জুনা-: অসমীয়া লোক সাহিত্যত পৰুৱাৰ জুনা, নাঙলৰ জুনা, তাঁতীৰ জুনা,কপাহৰ জুনা আদিৰ বিশেষ মূল্য আছে ।

১/ তাঁতীৰ জুনাত ৰাধাক পিন্ধাবলৈ কৃষ্ণই তাঁতীৰ ওচৰত কাপোৰ ববলৈ দিয়াৰ বৰ্ণনা আছে ।

"শুন তাঁতী কহোঁ তোহাৰ আগে
ৰাধাক পিন্ধাইবাক কাপোৰ লাগে ।"
কৃষ্ণই কাপোৰৰ বিৱৰণ দিছে-
দীঘলে সাৰংগ পুতলে বৰ ।
তাৰ আগে দিবা গুণা বিস্তৰ ।।
শিৰত লিখিবা বসুদেৱ পিতা ।
ওৰণিত লিখিবা দৈৱকী আই ।।
বাহুত লিখিবা দাদা বলাই ।
হৃদয়ত লিখিবা কৃষ্ণ কানাই ।।

গ)বিবিধ বিষয়ক :- কৰ্মময় জীৱনচিত্ৰ উপস্থাপন এই শ্ৰেণীৰ গীতৰ বিশেষত্ব । নিচুকণি গীত,গৰখীয়া গীত, মহখেদা গীত, নাওখেলৰ গীত আদি ।

১/নিচুকণি গীত
আমাৰে মইনা শুব এ
বাৰিতে বগৰী ৰুব এ
বাৰিৰে বগৰী পকি সৰি যাব
আমাৰে মইনাই বুটলি খাব ।
শিয়ালী এ নাহিবি ৰাতি 
তোৰে কাণে কাটি লগামে বাটি ।।

২/ল'ৰা-ধেমালী গীত
ৰ'দালি এ ৰ'দ দে ৰ'দ দে
আলি কাটি জালি দিম
বৰপীৰা পাৰি দিম
তাতে বহি ৰ'দ দে
ৰ'দালিৰ মাকৰ কুটকুৰা চুলি
ৰ'দালি পালেগৈ দিহিঙৰ বালি ।

৩/ মহোহো গীত
অ' হৰি মহোহো
মহ খেদাইবা টোকান লো
মহে বোলে মইল্লু দে
টেপল পুৰা খাইলো দে ।

২/ফকৰা-যোজনা আৰু প্ৰবচন :-অসমীয়া সমাজত প্ৰচলিত এফাঁকি কথা -"বাৰকুৰি বৰগীত তেৰকুৰি ফকৰা ।" ফকৰাবোৰত সংযোজিত শব্দবোৰে পোণপটীয়া অৰ্থ নিদি সুকীয়া অৰ্থবোধ এটাহে দিয়ে । যোজনাত এটা কথা বুজোৱাৰ নিমিত্তে আন এটা কথাৰ তুলনা বা ৰিজনি দিয়া হয় । যোজনাক পটন্তৰো বোলে ।
১/ পৃথিৱীত দি পাৱ, হৃদয়ৰ মাজে গুৰু আছে আত্মাত বিচাৰি চাওঁ ।
 ২/ অচিন কাঠৰ থোৰা নলগাবা ।
৩/অথাই সাগৰত কাঠি জাল বোৱা ।
৪/অল্প বিদ্যা ভয়ঙ্কৰী ।

ডাকৰ বচন:-" ডাকৰ বচন বেদৰ বাণী ।"অৰ্থাৎ আমাৰ অসমীয়া সমাজত বেদৰ বাণীৰ যি মূল্য, ডাকৰ বচনৰ মূল্য সমপয্যায়ৰ ।
১/তিনিশ ষাঠিজোপা ৰুবা কল ।
মাহেকে পষেকে চিকুনাবা তল ।।
পাত পচলা লাভত পাবা।
লংকাৰ বাণিজ্য হাততে পাবা ।।

২/কেতিয়াবা যদি হয়ো নিদান
তেওঁ নিদিবা পশ্চিমে শিতান ।

৩/হাতৰো নিব,কাণৰো নিব
দহো আঙুলি কোনে নিব ।

৩/সাধুকথা:- সাধুকথাৰ ইতিহাস অতি প্ৰাচীন ।সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মৌখিক ৰূপত সাধুকথাৰ প্ৰচলন আছিল । সাধুকথাৰ জগতখন যেনে অবাস্তৱ তেনে ধুঁৱলী-কুঁৱলীও । সাধুকথা হ'ল লোকমনৰ প্ৰকাশ ।জনজীৱনৰ কল্পনা, চিন্তা,আদৰ্শ,বিশ্বাস, পৰম্পৰা, কৰ্ম, আচৰণ, নীতিবোধ আদি সাধুকথাৰ মাজত অন্তৰ্নিহিত হৈ থাকে । সাধুকথাৰ এক বিশেষত্ব হ'ল কথাৰ মাজে মাজে গীতৰ সংযোজন ।কথাৰ মাজত গীতৰ উপস্থাপনে শ্ৰোতাৰ মনৰ অৱসাদ আঁতৰোৱাৰ লগতে বিষয়টোক আৱেদনশীল কৰি তোলে । উদাহৰণস্বৰূপে -
১/"হাতো নেমেলিবি ফুলো নিচিঙিবি
       ক'ৰে নাৱৰীয়া তই,
পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে 
       তেজিমলাহে মই ।"
             (তেজিমলা সাধু)

২/"আগলি কলাপাত ল'ৰে কি চৰে
চিলনী আই মোৰ আগতে পৰে ।"
     ( চিলনী জীয়েকৰ সাধু )

৩/ "হুৰ হুৰ বটা চৰাই
মোৰ ধান নাখাবি
তোক দিম গোটা কৰাই ।
ধানো খাম চাউলো খাম
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম ।
       ( চম্পাৱতীৰ সাধু )

    ✍🏻শিল্পী শিখা চাংমাই
          যোৰহাট, চেনিজান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)