তোমাক বিচাৰি হাবাথুৰি-জয়শ্ৰী হাতীমুৰিয়া

©Admin
0
তোমাক বিচাৰি হাবাথুৰি
তোমাক পোৱাৰ হেঁপাহেৰে ।
জীৱন বাটত খোজ দিম 
তোমাক লগত লৈ ।।
নেদেখাজনে যে লিখিলে বিধি
জীৱন এখনি নৈ ,
তোমাক আঁতৰাই নিলে দূৰণিলৈ ।।
তোমাক বিচাৰি হাবাথুৰি
তোমাক পোৱাৰ হেঁপাহেৰে  
ঘূৰি ফুৰিছো ফেচবুক ইনষ্ট্ৰাত
তোমাক বিচাৰি ।।
হঠাতে তোমাক দেখি লিখিলো sms ।
Smsত‌ পঠালো তোমালৈ থকা
মৰম খিনি ।।
অনাদৰ নকৰি কৰিবা গ্ৰহণ ,
তোমাক বিচাৰি হাবাথুৰি
তোমাক পোৱাৰ হেঁপাহেৰে ।।

✍️ জয়শ্ৰী হাতীমুৰিয়া
গোলাঘাট, জোনাকী নগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)