সুখৰ সংজ্ঞা বিচাৰি-মানস জান শইকীয়া

©Admin
0
সুখ এটি মাথো শব্দ দুটা আখৰৰ
শুনিবলে ভাল পোৱাটোহে টান,
আকাশ বতাহ সকলোতে বিচাৰিলেও
পোৱা নাযায় এই সুখৰ সংবাদ। 
আছে ধন মূল্যবান ৰত্নৰ সমাহাৰ
বিলাসী জীৱন গাঁথাৰ বিলাসী সম্পদ,
তথাপিচোন দুখৰ কুঁৱলীয়ে চানি ধৰে
সুখ বিচাৰি জগত হাহাকাৰ। 
কত যে ধুনীয়া ধুনীয়া অট্টালিকা
কত যে মৰমলগা গাড়ী,
ক্ষমতাশালী জীৱন অভাৱ শূণ্য
তথাপি নিতৌ জ্বলে দুখৰ চাকি। 
এটি ভগা জুপৰি অভাৱী জীৱন
মুখত জ্বিলিকে মাথো আশাৰ হাঁহি,
নাই কোনো বিলাসীতা নাই কোনো স্বপ্ন
নিবিচাৰে কাৰোৰে নিস্বাৰ্থ সহাঁৰি,
নিজৰে জীৱন নিজে প্ৰকাশিত কৰি
আলোকিত কৰি তোলে সুখৰ সংজ্ঞাটি । 
                   
✍️ মানস জান শইকীয়া
ৰঙামাটি চেউনী গাওঁ ,বাদুলিপাৰ গোলাঘাট 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)