তৃষ্ণাতুৰ ফাগুন-নীভা লয়িং

©Admin
0
কুঁৱলী যেন লগা ধূলিয়ৰি বাটেৰে,
ফাগুন আহিলে,
ফাগুনী বতাহত হালধীয়া সৰাপাতে চোতাল ভৰালে।
ব্যস্ততাৰে ভৰাই তোলা বাটত
ধূলিয়েও ওমলে ফাগুনী পছোৱাত।
লঠঙা বিৰিখে আলিংগন কৰে,
উতনুৱা ডেকা-গাভৰুক উন্মনা কৰি।
 উন্মুক্ত ফাগুনে অনা 
 ধূলিয়ে,
মুক্তমনে আঁকি যায় আল্পনাৰ চুমা।
ফাগুনৰ বতাহে যিকথা কয়
সেই কথা ধূলিয়ে মানিয়ে লয়।
পুৱতি নিশাবোৰেও
সাৰ পাই মতলীয়া ফাগুনত।
স্নিগ্ধ জোনাকে আবৰা,
নোপোৱা মৰমৰ আবেগতে
দৌৰি ফুৰা বয়সতে
হেঁপাহবোৰে পুখা মেলিছিল,
পোৱাৰ আশাৰে ।
নোকোৱাকৈ বুজা কথাবোৰে
ক'ৰবাত বাট হেৰুৱাইছিল।
ফাগুনৰ তৃষ্ণাতুৰ ধূলিজাকৰ দৰে।
নোখোজাকৈ দিয়া মৰমবোৰে
হেঁপাহৰ সপোন ৰচিছিল,
ৰক্তিম মদাৰৰ ফুলৰ দৰে।
শুকান বনৰ তৃষ্ণাতুৰ হৃদয়ে
বিচৰাৰ দৰে,
ধূলিয়ৰি বাটেও বাট চাই
বৃষ্টিৰ পৰশত জীপাল হ'বলৈ।

✍️নীভা লয়িং
উজানবজাৰ,            
গুৱাহাটী -৭৮১০০১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)