চাও খিৰিকী খন জপাই দিওঁ !
আজি বহুদিনৰ মূৰত কিবা এটা লিখোঁ বুলি,
বহীৰ পাতবোৰ লুটিয়াই চাওঁ !
দেখোঁ অতীতৰ সেই নিস্তেজ কবিতা "বাউলী ফাগুন“!
ফাগুন কোনো এক শব্দ নহয় !
ই মাথোঁন বহু হেঁপাহৰ
কোমল বায়ু।
বতাহজাকে উৰুৱাই নিয়া যন্ত্ৰণা
আৰু সহিষ্ণুতা
সুখ আৰু দুখ।
এই সকলোবোৰ এতিয়া ফাগুনী আকাশৰ চিলাৰ সতে.....।
এটি বতাহ আৰু এটি জীৱন !
সঁচাই, ফাগুন কোনো এক শব্দ নহয় !
✍️পংকজ দিহিঙীয়া
শিৱসাগৰ
সুন্দৰ
ReplyDelete