ফাগুন- যিচুশংকৰ দাস

©Admin
0
সৰিয়হ ফুলৰ হালধীয়া সাধুৰ অন্তত আৰম্ভ,
ফাগুনৰ ৰঙা ভালপোৱাৰ সাধুকথা।
ধুলিৱৰি বাটত পৰি ৰ'ব 
ফাগুন অহাৰ খোজৰ কথকতা ।
ফাগুনতে আহিব আলি-আয়ে-লৃগাঙৰ গুমৰাগৰ
সুৰৰ মধুৰতা,
বৈ যাব শিমলু পলাশৰ পৰা মিছিং গাভৰুৰ দুগাললৈ,
ৰঙা আৰু ৰঙা।
শিমলু পলাশৰ খিলখিল হাহিত,প্ৰেমৰ ৰাগিত ফাগুনে যিদৰে ছটিয়াই ভালপোৱাৰ ধুলি,
ঠিক‌ সেইদৰেই, এইবাৰৰ ফাগুনৰ ফাকুৱাত মই ছটিয়াম তোমাৰ কোমল দুগালত মৰমৰ সেউজীয়া হালধীয়া ৰঙা।
দুখৰ চকুলো শুকাই যিদৰে সৰাপাত বিষাদৰ মালিতা,ঠিক‌ সেইদৰে তুমি যোৱা ধুলিৱৰি বাটৰ খোজৰ চাপত পৰি ৰয় মোৰ বিষাদ চাৱনিৰ দুখিলা পাত।
তুমি যিদৰে গুছি গৈছা‌ অভিমানি হৈ মোৰ বুকুত দুখ থৈ, ফাগুন ও গুছি যাব শিমলু তুলা হৈ বসন্ত অহাৰ নজহা নপমা প্ৰতিশ্ৰুতিলৈ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)