আছে বিছনাত পৰি,
স্বাধীন সুস্থ মনেৰে তাই
আছিল ইমান দিন ধৰি।
হঠাতে আহিল আমাৰ জীৱনত
এন্ধাৰৰ ছাঁ নামি,
ভাবা নাই এনেকুৱা
মা যাব গুচি।
ভালেই আছিলোঁ কুঁড়েঘৰত
সুখে -দুখে মিলি,
হঠাতে মাৰ মৃত্যু
মানিব পৰা নাই আমি।
সৰু বা পৰিল ভাঙি
মাকৰ মৃত্যুৰ বাবে,
কোনো নাই দুখত
আমাক আহি বুজাবলৈ।
তাই কাঁন্দি কাঁন্দি
গা কৰিল বেয়া,
আমিও দুখৰ মাজত
যিমান পাৰিলোঁ বুজালোঁ দিয়া।
বায়ে কয় মৰি যাব
মাকৰ কাষত যাব,
আমাক তাইৰ নালাগে
দুখ বব নোৱাৰিব।
আমিও তাইক যাব নিদিয়াত
লাগিছে বৰ অপমানি,
কিনো কৰিম আৰু
চাব নোৱাৰিম দুচকুত চিতা।
ভগবানৰ ওপৰত বিশ্বাস ৰাখি
জীয়াই আছোঁ এতিয়া,
দুখৰ সাগৰে মাথোঁ তিতিছে
মোৰ কোমলীয়া হিয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ