তোমাৰেই হম- সীমা ৰবিদাস

©Admin
0
তুমি যদি জোন হোৱা
 মই জোনাক হম তোমাৰ, 
তুমি যদি আন্ধাৰ হোৱা
 মই বিলীন হম তোমাত। 
নিয়ৰ যদি হোৱা তুমি
মই দুৱৰি হৈ গজিম, 
তোমাৰেই মৃদু স্পৰ্শত
তোমাৰ বাবে উপচিম।
ভোমোৰা যদি তুমি হোৱা 
মই ফুল হৈ আহিম, 
চেনেহৰ সুগন্ধিত তোমাক
প্ৰতিবাৰ বলিয়া কৰিম। 
হোৱা যদি কাব্য তুমি
মইয়েই তোমাৰ ছন্দ হম, 
প্ৰতিটো বাক্যৰ তোমাৰ
 সৃষ্টি ও ময়েই হম। 
এই জনমতেই নহয়
পৰ জনমতো,, 
তোমাৰ বাবে আহিম
  তোমাৰে হৈ ৰম।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)