প্ৰত্যাশাৰ অন্তত -জোনা মহন্ত

©Admin
0
শুকান জৰ্জৰিত ধূলিৰে ধূসৰিত
মোৰ হৃদয় জুৰাবা
বুলি বাট চাই থাকোতে থাকোতে
মোৰ উদং বুকুত চলে
অসহ‍্য দপদপনি
উচ্চ সংগীতৰ বেসুৰা ধ্বনি 
তাণ্ডৱ নৃত্যৰ প্ৰহাৰত
নিঃশব্দে বন্ধ হৈ যাব খোজে
মোৰ হৃদয়ৰ স্পন্দন ।

তোমাৰ শীতল স্পৰ্শত
জীপাল কৰিব পৰা হ'লে....

বহু প্ৰত্যাশাৰ অন্তত
খন্তেকৰ বাবে হলেও
ভাগৰুৱা ধূলিৰ চাদৰ আঁতৰাই
চিনাকি চিনাকি লগা
শুকান মাটিৰ জীপাল সুবাস
দিলা বিয়পাই চৌদিশে

তোমাৰ কোমল পৰশত
ধৰিত্ৰীয়েও ল'ব নতুন ৰূপ
ওপচাই সেউজ বৰণ
ওফন্দি উঠিব মোৰ বিশাল বুকু
ফেনে-ফোটোকাৰে ।

✍️জোনা মহন্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)