আজি বৰকৈ মনত পৰিছে
তাহানিতে
আইতাৰ কাষত বহি জোনাক চোৱাৰ কথা
সন্ধিয়াৰ লগে লগে মুকুতা হৈ জিলিকি ৰোৱা আকাশৰ
তৰাৰ গণনাৰ কথা
সন্ধিয়া আই পিঠিত উঠি
কমকৈ আওৰাইছিলোঁ নে?
"জোনবাই এ বেজি এটি দিয়া"
মনৰ কল্পনাত যে মোনা ভৰাই ৰং বোলাইছিলো
বাঁহৰ জখলা লগা লগাই বৰ হেঁপাহৰে মোনা সী তৰা ভৰাইছিলো।
শৈশৱতে যে তৰাৰ দেশ চাবলৈ বৰ হেঁপাহ আছিল
এতিয়া দেখোন তৰাৰ দেশৰ কথা ভাবিলেই বুকু কঁপি যায়।
সেইদিনবোৰত যেন মাৰ্বলৰ গুটিতে সুখৰ মালা গুঠিছিলো;
হেতালীৰ শিল কেইটা,লুডুৰ ৰঙা ঘৰটো,লুকা ভাকুৰ দৰ্জা চুকটো
আইয়ে দিয়া আচাৰিৰ কুবটো
আকৌ বিচাৰি যাঁও এটি শব্দৰ মাজত।
সমনীয়াৰ হʼতে
উমলি থাকোঁতে হাবিৰ ফুটুকুলা ফুল পাহো আছিল
এপাহি গোলাপ।
এপাহি ৰজনীগন্ধা বুলি হাতত গুজি দিয়া সেই গন্ধা ফুলৰ সুবাহো
এটি বিশ্বাসৰ শলিতা।
নাহৰৰ ফুলৰ মালাৰে সুশোভিত কৰা
কণমানি চুলি কোছাটো
লাহৰী খোপা বন্ধা বসন্তৰ পুঁৱাতো এতিয়া বিচাৰোঁ.......এতিয়াও
আধাতে মেলা কিতাপখন
এৰি জোনাকীৰ খেদা
বয়সক ৰোমন্থিত কৰি এতিয়াও লৰ মাৰো
আধালিখা কবিতাটো আধাতে এৰি,
উৰি যোৱা পখিলাজনীকো
ধৰিবলৈ কম দৌৰা নাছিলোঁ দেই।
পিতাই ধৰি দিয়া জিঞা জনী বন্ধা সূতা ডাল চিঙি গ'ল..
সম্পৰ্ক বোৰৰ দৰেই
শৈশৱ এতিয়াও বিচাৰি যাঁও... এতিয়াও.......।
✍️ৰিম্পী বড়া,চৰাইদেউ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ