পৃথিৱী যেতিয়া শুব -নিজৰা বৰ্মন ডেকা

©Admin
0
বেলিৰ পিছত ঘূৰি ঘূৰি
পৃথিৱীয়ে জিৰণি লয় ৰাতি
সময়ো চাগে যায় ভাগৰি
তথাপিও নৰয় থমকি ।
মোৰ জীৱন পৰিক্ৰমাত
ভাগৰিছো মই মোক বিচাৰি
চিনাকি বাটবোৰ হয় ধুঁৱলি কুঁৱলি
আশাবোৰ বিচাৰি পৰো ভাগৰি
যেতিয়া পৃথিৱী পৰে শুই ।
তৰাফুলীয়া আকাশৰ তলত
জোনাক নুফুলা নিশাবোৰত 
ঘূৰি ফুৰো বুকুত বিষাদৰ 
মেটমৰা বোজা লৈ
সাৰে থাকো উজাগৰি নিশা ।
বলিয়া বতাহজাকে কাঢ়ি নিব খোজে
মোৰ জীৱনৰ পৰিক্ৰমা 
জুইয়ে পোৰা কলিজাত 
স্তব্ধ নিশাৰ নিসংগ এন্ধাৰত
সৰি পৰে উল্কাৰ টুকুৰা।
পৃথিৱী যেতিয়া ভাগৰত শুব 
মোক জীয়াই ৰখাৰ সপোন এটাই মোক লৈ আহে
পুনৰাই মোৰ মাজলৈ।
তেতিয়াই বেলিৰ কিৰণে 
আথে বেথে পাৰি দিয়ে 
জীৱনৰ হেঙুলীয়া দলিচা 
য'ত শুৱাই থৈছিল শাওনীয়া আশা ।
নিশা যেতিয়া পৃথিৱী পৰে শুই
তৰাৰ মাজত মই মোক ফুৰো বিচাৰি
এটি নিসংগ তৰাই আকাশৰ সীমনাত
ৰৈ আছে চাগে কাৰোবাৰ
এটা হাঁহিৰ বাবে
এটোপাল চকুপানী হৈ পোহৰৰ ৰেঙনি বোৰে 
নামিছে ধৰালৈ বৰষুণ ৰূপে ।
পৃথিৱী যেতিয়া শুব জোনক সাবটি
বেলিৰ বাবে থাকো বাট চাই মই
প্ৰেমৰ জোনাক আহিব নামি
যন্ত্ৰণাৰ বাট কাটি কৰি
উজাগৰী উশাহে ল'ব শান্তিৰ জিৰণি ।

✒️ নিজৰা বৰ্মন ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)