আই তই নেকান্দিবি ঐ-নাছিৰ আহমেদ

©Admin
0
আই তই নেকান্দিবি ঐ
চকুৰ পানী চকুতে ধৰি ৰাখ
বুকু ডাঠ কৰ,
সোঁহাতৰ বজ্ৰ মুঠি শূন্যলৈ দাঙি ধৰ।
এতিয়া চাৰিওফালে আৰম্ভ হৈছে
অত্যাচাৰী ৰাৱণৰ স্বৈৰতান্ত্ৰিক শাসন-ব্যৱস্থা ----
কোনোমতে থান-থিত লগাওতে , নলগাওতে
বুলডোজাৰে এপিনৰ পৰা ধাহি-মুহি নিছে 
তহঁতৰ সপোনৰ পঁজা ঘৰখন !
সিঁচৰতি হৈ পৰিছে পাকঘৰৰ সকলো খাদ্য -সামগ্ৰী,
শোৱনী কোঠাৰ আচবাব -পত্ৰ ধ্বংসপ্ৰাপ্ত হ'ল ,
ভঁৰালৰ সঞ্চিত খুদকণকো বুট জোতাৰে গৰকিলে
পঢ়াৰ টেবুলৰ কিতাপ,বহী,কলম সৰকি সৰকি
ডাষ্টবিনৰ লেতেৰা বোকাত পোত খাই গ'ল ;     
অথচ পৰহি তহঁতৰ জীৱনৰ প্ৰথম প্ৰৱেশিকা পৰীক্ষা।
তাৰ বাবে আই তই নেকান্দিবি ঐ!
চকুৰ পানী চকুতে ধৰি ৰাখ,
বুকু ডাঠ কৰ ,
সোঁহাতৰ বজ্ৰ মুঠি শূন্যলৈ দাঙি ধৰ ,
মনত দৃঢ় সংকল্প ল
তহঁতৰ এটা পৰীক্ষা অথলে গ'ল,কি হ'ল ?
প্ৰকৃত জীৱন যুদ্ধত অৱতীৰ্ণ হোৱাৰ বাবে
এতিয়া সাজি-কাচি ওলাই আহ ---
বুকুত বান্ধি ল ব্ৰহ্মাস্ত্ৰ!
তহঁতৰ সোণৰ সংসাৰখন জ্বলাই পুৰি নিঃশেষ কৰা
অত্যাচাৰী, নিষ্ঠুৰ স্বৈৰতান্ত্ৰিক শাসন-ব্যৱস্থাক
বিপ্লৱৰ প্ৰচণ্ড ঘূৰ্ণিবায়ুত উৰুৱাই দে পশ্চিম দিগন্তত ;
তাচপাতৰ দৰে খহি খহি পৰক সিহঁতৰ ভণ্ডামিৰ ৰাজত্ব!!


✍️নাছিৰ আহমেদ , শিমলাবাৰী গোৱালপাৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)