মই ৰাহুলে কৈছোঁ-ৰাহুল চেতিয়া

©Admin
0
মই ৰাহুলে কৈছোঁ ,
লাচিতৰ দেশৰ যুৱক মই,
দেহত আহোমৰ ৰক্ত,
সত্যবাদী মই, নিৰপেক্ষবাদী মোৰ পৰিচয়,
মানৱৰূপী দানৱৰ চালনাক,
দেশপ্রেমিকৰ দেশদ্ৰোহ,
ক্ষমতালোভীৰ ষড়যন্ত্ৰত,
দেশ খাণ্ডৱদাহ হ'বলৈ নিদিওঁ,
অপহৰণ,ভ্ৰষ্টাচাৰ,দুৰ্নীতি
বিৰুদ্ধে যুঁজি যাম সদায়।
মুক্ত চিন্তাধাৰা, মুক্ত যুঁজ অন্যায় বিৰুদ্ধে,
সত্যৰ বাবে অসত্যৰ সৈতে 
ঐক্যবদ্ধ হৈ শত্ৰুৰ নিধন যজ্ঞ পাতি
কৰিম সমাপ্ত,
এজন সমাজ সচেতন ব্যক্তিৰ দায়িত্ব।
কেঁচু খান্দুতে সাপ ওলালেও নকৰোঁ ভয়!
হাজাৰ শিয়ালৰ হোৱাত যুদ্ধক্ষেত্ৰৰ
পৰা পলায়ন কৰা কাপুৰুষ নহয় মই!
অপেক্ষা অলপ সময় মৃত্যুলৈ
কেতিয়াও ভয় নকৰোঁ,
কৰোঁ মিছা বদনামলৈ হে..
ভাল কামক সদায় শলাগ আৰু বেয়াক বিৰোধিতা কৰাই মোৰ লক্ষ্য উদ্দেশ্য।
মই মুক্ত, দেহত অযুত বল,
অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ
আছে দেহত ভাবৰ উষ্ম প্ৰবল
জীৱন মৰণৰ যুদ্ধত হৈছো প্ৰবৃত্ত।

✍️ৰাহুল চেতিয়া
চিলাপথাৰ,ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)