নিৰুপাই-আশ্ৰিফা ইয়াছমিন

©Admin
0
পোহৰ আন্ধাৰৰ লুকাভাকুত
হেৰাল জীৱনৰ ৰং ।
পূৰ্ণিমাৰ ৰাতিত নদীৰ দাঁতিত
জিলিকি থকা মোৰ
অশ্ৰুসিক্ত নয়নৰ জানো,
কিবা মূল্য আছে ?
ধুমুহা ধেৰেকণিৰ শব্দত
মোৰ চিঞৰ জানো ,
কোনোবাই শুনিছে ?
বৰষুণ জাকত মোৰ 
চকুৰ টোপাল জানো,
কোনোবাই দেখিছে ?
মলয়া বতাহৰ সোৱাদ
লৈ থকা জনে মোৰ
লাহে লাহে নিস্তব্ধ হৈ অহা
শ্বাস প্ৰশ্বাস জানো,
লক্ষ্য কৰিছে ?
নীৰৱ দৰ্শকৰ দৰে
নিজৰ জীৱন কাহিনীকেই
চাই আছো আজি ! 

✍️আশ্ৰিফা ইয়াছমিন , মৰিগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)