ফাগুন -শিল্পী দাস

©Admin
0
ফাগুন তুমি কোন?
পাগল কৰিলা মোৰ মন।
মলয়া বতাহজাকৰ স্নিগ্ধতাই
মাথোঁ তোমাকেই বিচাৰি পাই।
ফাগুন আহিলে প্ৰকৃতিৰ মাজলৈ
বছৰৰ অন্তিমখনে আমাক চাবলৈ,
ভৰসাৰ হাত দুখন মেলি
বসন্ত আহিলে খেলি খেলি।
ফাগুনৰ আগমনে ৰিঙিয়াই মাতে
মধুময় লাগে মোৰ প্ৰতিমূহুৰ্তে।
তিক্ত হৃদয়খনেও কল্পনাৰ আৱেগত
ফুৰিবলৈ যায় প্ৰেমৰ সাগৰত।
চৰাইবোৰৰ অমিয়া মাতে মোক কৰিলে উজাৰ
আশাৰ ভাবনাবোৰ হ'ল আজি বেজাৰ।
ফাগুনৰ এমুঠি বৰষুণজাকে বৰদৈচিলাৰ বতৰা দিলে
শুকান হৈ পৰা প্ৰকৃতিয়ে বসন্তৰ আবাস বিচাৰি পালে।
নিৰাশ মন মোৰ আছিল একান্তৰে 
ফাগুনৰ আগমনে লৈ গ'ল দেশান্তৰে।
নামৰ দৰেই তাৎপৰ্য তোমাৰ
চঞ্চল কৰিছে মন আমাৰ,
ফাগুনৰ অতুলনীয় বিৱৰণ
নাই তাৰ কোনো আৱৰণ।
 বৰ মিঠা ফাগুন তুমি
প্ৰতিবছৰৰ অন্তিমক্ষণে অপেক্ষাত থাকোঁ আমি।

 
✍️ শিল্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী, হোজাই (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)