ফাগুন-বিটুমনি কোচ

©Admin
0
                                                        

ফাগুন মানেই হৈছে
সূৰ্য্যৰ হাতধৰি কুঁহিপাতৰ হাঁহি।
ফাগুন মানেই হৈছে
চৰাই চুবুৰীৰ মধুৰ গুঞ্জন।
ফাগুন মানেই হৈছে
সৰা পাত উৰুৱাই নিয়া
এজাক ধুমুহাৰ বৰদৈচিলা।
ফাগুন মানেই হৈছে
লঠঙা গছৰ বুকুত বসন্তৰ ধুমুহা।
ফাগুন মানেই হৈছে
পলাশৰ ৰঙা ওঁঠৰ চুমা।
ফাগুন মানেই হৈছে
যৌৱন প্ৰাপ্ত প্ৰকৃতিৰ প্ৰেমৰ উন্মেষ।
ফাগুন মানেই হৈছে
প্ৰেমিকৰ বাঁহিৰ বিননি,
গাভৰু বুকুৰ উম।
ফাগুন মানেই হৈছে
ধৰনি সজোৱা ফুলাম দলিচা।
ফাগুন মানেই হৈছে
শীতৰ কোমল ৰ'দ আৰু
বতাহৰ মধুৰ মিলন।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)