থাকি গ'ল মাথোঁ স্মৃতিৰ সফুঁৰা
আনে যোৱা বাটে যামনে?
কোনেও নোযোৱা বাটেৰে
জীৱনৰ ফুলনিত সৰি পৰা
পাহিৰে মালা গুঠিম........?
একোৱেই ভাবি পোৱা নাই।
ল'ৰালিটো হেৰুৱালো
স্বাধীনতাৰ নামত পৰাধীন হৈ ৰ'লো ,
আনৰ সুখৰ বাবে সকলো কৰিও
বদনামৰ ভাগি হও.......!
ডায়েৰিতে মনৰ ক্ষোভ সজাও।
মনৰ সকলো দুখ পাহৰি
থাকিব পাৰি জানো.....?
দুচকুৰ দুধাৰি চকুলো
মুকুতা মনি হ'লেও তাত যে
বিষাদ লুকাই থাকে....,
সেয়া জানো কোনোবাই বুজে
নিজান নিশাৰ নিঃসংগ পৰৰ
চকুলোতো কোনেও নেদেখে ।
🔴দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ