সমন্বয়ৰ ক্ষেত্ৰ অসমৰ বাৰেচহৰীয়া ভাওনা-বসন্ত ওজা

©Admin
0
আমি অসমীয়া
ভৰলীপৰীয়া
শংকৰী কৃষ্টিৰ 
 সাধক জামুগুৰিৰ 
 শোণিতকোঁৱৰৰ দেশৰ প্ৰজা।
বসুধাৰ বুকু চহাই
কৃষ্টিৰ কঠিয়া বুলাই
 পকামুৰা পাথাৰত লওঁ মজা।।

হেনো গজেন ককাইদেউৰ
সুকোমল হাতেৰে অঁকা 
     বাৰেচহৰীয়াৰ নক্সা পকা।
জাতি জনগোষ্ঠীৰ
মিলনৰ সাঁকোত উঠি
    পাতিলো সমন্বয়ৰ সখা।।

উত্তৰে সগৌৰৱেৰে
অৰুণাচল আছে ৰৈ
     পশ্চিমে যায় ভৰলী বৈ।
পূৰ্বে আছে দিকৰাই
দক্ষিণে মহাবাহু যায়
     মই বুঢ়ালুইত বুলি কৈ।।

পল পল দণ্ড কৰি
পঞ্চবৰিষ গৰকে যেতিয়া
     নিদ্ৰাৰ পৰা 
     পথাৰ পকামুৰাই সাৰ পায়।
ধৰ্ম বিভেদ পৰিহৰি
শান্তিৰ বতি জৰী
    জাতি জনতা আহে ওলায়।।
বাৰেচহৰীয়া ভাওনা পাতি
দেশৰ নানান প্ৰজা আনো মাতি
   মেলিচোৱা কৃষ্টিহাসৰ পাত।
শত শত জনতাৰ
পদধূলিৰ ভৰত
     পৱিত্ৰ হয় জামুগুৰিহাট।।


   ◾বসন্ত ওজা
    বিশ্বনাথ চাৰিআলি(নগাঁও)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)