বিশ্বনাথৰ পৰা পকামুৰা পথাৰলৈ -বসন্ত ওজা ।

©Admin
0
ইতিহাস প্ৰসিদ্ধ
বিশ্বনাৰ পৰা
     ক্ষন্তেক সময়ৰ বাট ।
বুঢ়ালুইত ভৰলীৰ
পাৰতে আছে ৰৈ
    শোণিত কোঁৱৰৰ 
      জামুগুৰি হাট ।।
১৯৭০/৮০
দশকৰ পৰা হেনো
   মেলিছে বাৰচহৰৰ নাট ।
আমাৰ বিশ্বনাথৰ
ভাস্কৰ্য্য শিল্পই
      ভূমুকি মাৰিব গৈ তাত ।।
জামুগুৰি কোন গাঁৱৰ
কোন প্ৰাথমিকে মেলিছে
      নাট "গজকেতু বধ" ?
সেই নাটৰ গজৰাজৰ
শিৰ গঢ়িছে ৰমেন দাদাই
      দেখি মই মানিলো তবধ ।।
ৰমেন হাজৰিকা দেৱৰ
শিল্পৰ গজৰাজে
     ৰাখিব বিশ্বনাথৰ ধৰা ।
হস্তশিল্পৰ চানেকীৰে
পূজিব আই অসমীক
      পকামুৰা পথাৰৰ পৰা।।                    অকল সেয়াই নহয়
সুধা লতা মঙ্গেশকৰকো
      নিৰ্জীৱ কাঠেৰে সাজি ।
অতি যতনৰে কৰিছে
সাধনা জীৱন জীয়াৰ
     বিশ্বনাথৰ গৰিমা মজি ।।
হাৰ্টথ্ৰ'ব জুবিনকো
হাতুৰি বটালি লৈ
    সাজিলে মোহনীয়া কৰি ।
শৰাইঘাটৰ ৰণৰ
লাচিতকো গঢ় দিলে
  ক্ষোভত আছে হেংদাঙ ধৰি ।।
ভাবিছো মই এইবাৰ
ডেকাসুন্দৰৰ সেই
     পকামুৰা পথাৰলৈ যাম ।
সমন্বয় ক্ষেত্ৰৰ
জনতাৰ গতিবিধি চাই
     সুৰ কণ্ঠেৰে গীত গাম ।।
অহুকাণে পহুকাণে
শুনিছো সন্তৰ্পণে 
     লিখিছে ভাওনাৰ শীৰ্ষগীত ।
ৰমেনদাৰ সৃষ্টি ৰাজিও
ভাওনা পৰ্য্যটনথলীত
    কলমেৰে কৰালো 
                     পৰিচিত ।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)