হয় যদি হ'ব দিয়া-সীমা ৰবিদাস

©Admin
0
যদি হ'ব দিয়া প্ৰকাশ
মনৰ সকলো অনুভৱ, 
আছে যদি থাকিব দিয়া
হিয়াত অনন্ত মৰম। 
থাকে যদি থাকিব দিয়া
উকাকৈ পৃষ্ঠা হৃদয়ৰ,  
আঁকিবা যদিও আঁকি দিয়া চেনেহৰ
ছবি এটি ধূসৰ। 
হয় যদি হ'ব দিয়া ব্যক্ত 
হ'বলগীয়া সকলো, 
কোৱা যদি কৈ দিয়া 
ক'বলগীয়া সকলো। 
জোন হৈ আহা 
মোক জোনাকী হ'বলৈ দিয়া তোমাৰে
আন্ধাৰ হৈ আহা
মোক বিলীন হ'বলৈ দিয়া তোমাতে
হৃদয়ৰ নিভাজ কাগজত এটি ছবি তোমাৰ
আঁকিবলৈ দিয়া, 
থাকিম বুলি ভাবিছো তোমাৰে হৈ
থাকিবলৈ দিয়া। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)