ধূসৰিত চৌপাশ কৰি
মোক যেন আগুৰি ধৰিছে।
হৃদয়খন শিহৰিত কৰি
পছোৱা বতাহজাকে আহি
মোৰ গা চুমিছে।
স্নিগ্ধ সতেজ এক পৰিৱেশ
শীতৰ মলয়া প্ৰলেপ
চৰাইৰ মাতে মধুময় কৰিছে।
আকাশৰ শূণ্যতাৰ গভীৰত
আজি বহি থাকোঁতে
কুঁৱলীৱে প্ৰেমৰ প্ৰস্তাৱ লৈ আহিছে।
শান্তিময় গছৰ পাতবোৰে
গুণগুণাই কিবা যেন কৈ
মোৰ বিষয়ে আলোচনা কৰিছে।
তোমাৰ মোৰ প্ৰেমৰ স্পন্দনে
প্ৰৱল আগ্ৰহী আবেগেৰে
ফুলৰ কলিও ফুলিছে।
মনৰ দুখবোৰ আঁতৰি
সুখৰ সন্ধানত কুঁৱলীৰ প্ৰভাতত
চৰাইবোৰেও মুক্তকৈ উৰিছে।
কুঁৱলীৰ আঁৰে আঁৰে
মোৰ দৰে বেলিও
লুকা-ভাকু খেলিছে।
সোণ বৰণীয়া ধানৰ পথাৰ
কুঁৱলীৰ কোমল পৰশে
শান্ত হৈ পৰিছে।
প্ৰকৃতিৰ ৰূপ মোহনাত
আজি হঠাতেই আকৌ
অতীতৰ কথাই খামুচি ধৰিছে।
কুঁৱলীৰ প্ৰভাত মধুময় হ'লেও
আজি তোমাৰ বাবে
মোৰ হৃদয় বৰকৈ আমনি পাইছে।
কুঁৱলীৰ ধূসৰ পৰশ
স্বৰ্গ মোৰ মতে
যদিও মোক তিক্ত কৰিছে।
কুঁৱলী তুমি আহিবাচোন
প্ৰতি প্ৰভাতে
সঁচাকৈ তোমাক বৰ ভাল লাগিছে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ