ৰঙালীৰ ৰঙীয়া মন-পংকজ দিহিঙীয়া

©Admin
0
আজি বহাগ বিহু!
আকাশখন দেখোন
গুমা হব ধৰিছে,
দিব নেকি এজাক বৰষুণ 

অসমীয়া বোৰ কলৈ গ’ল ?
বিহুৰ মাদকতা ক‘ত হেৰাল,
অসম সঁচাই মৰিশালি হ'ল
এনেদৰেই যুগ- যুগান্তৰ থাকিব নেকি বাহাল ? 

পুৰণি অসম এতিয়া আৰু নাই!
আছে মাথোঁ সর্বহাৰাৰ মৃত কংকাল;
নাচনীৰ মুগাৰ মেখেলাযোৰ 
এতিয়া আৰু নাই।

ক’ৰবাত বিহু গীতৰ ভাষা ভাহিছে
মনটোৱে উৎফুল্লিত হৈ
আনন্দত নাচিব ধৰিছে,
হঠাৎ আধুনিকতাৰ যন্ত্ৰত প্ৰতিধ্বনিত হ’ল
মোৰ মনটো।

আজি আৰু সেই ঢুলীয়া নাই
যিয়ে মৌন ভাষাৰে লেখি যায়
বিহুৰ বুৰঞ্জী!
আছে মাথোঁ নি:শব্দ আৰু নি:শব্দ!

আজি বহাগ বিহু!
   
             ✍️ নাম: পংকজ দিহিঙীয়া
                  শ্ৰেণী:একাদশ(বাণিজ্য)
                  ঠিকনা: শিৱসাগৰ, গণকপত্তী
                  স্কুল: শিৱসাগৰ চৰকাৰী উচ্চতৰ                        মাধ্যমিক বহুমুখী বিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)