কবিতা -জ্যোতিষ্ক বৰুৱা

©Admin
0
জীৱনৰ প্ৰতিটো খোজত হেঙাৰ হৱ খোজা দৰিদ্ৰতাৰ বিৰূদ্ধে যুঁজি যুঁজি ক্ষয় হৈ নিশেঃষ হৱ খুজা জীৱনটো,
নিশাৰ নিৰৱতাৰ নিস্তেজ দীঘল হুমুনিয়াহ বোৰৰ মাজত,
জয়-পৰাজয়ৰ হিচাপৰ পাতবোৰ লুটিয়াই পাৰ কৰা সময়ৰ বাকৰিত…
বাগৰ সলোৱা ভাত ঘুমটিটোৰ পৰা
চানি ধৰা এসাগৰ সমস্যাৰ সমিধানৰ
আঁত বিচাৰি বিচাৰি পাৰ নোপোৱা ৷
নিজকে নিৰস নিৰস লগা পৃথিৱীত
ভোক ,হেপাহ,আশা,অভাৱ নামৰ যন্ত্ৰনাই ……………
বুকুত ভিৰ কৰা ক্ষনবোৰ যেন 
ৰাতিটোৰ দৰে নাযায় নুপুৱাই ৷৷

✍️জ্যোতিষ্ক বৰুৱা
নামৰূপ, অসম ৷
মোবাইল নং:-৯৩৬৫০০৮৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)