নিস্তব্ধতাক সাৰথি কৰি
নি:সংগতাৰ হাত ধৰি
কথা পাতোঁ.... ,
জোনাক,তৰা আৰু মই একেলগে নাজানো !
কিমান পৰ.....
কেতিয়াবা গোটেই ৰাতি !
বৰ্তমানক পাহৰি অতীতক ৰোমন্থন কৰি,
মোৰ সেই অন্তৰংগ আলাপবোৰত,
কিছুপৰ হাঁহো ,
তোমাৰ উপস্থিতিৰ অনুভৱত,
অনৰ্গল কথা পাতোঁ,
আৰু হঠাতেই যেন সাৰ পাই যাওঁ,
তুমি নোহোৱাৰ উপলব্ধিত হিয়া উজাৰি কান্দোঁ ,
যেতিয়া কান্দি কান্দি ফেঁকুৰি উঠোঁ ,
অচিৰেই শুকাই যায় মোৰ চকুলো,
তেতিয়া তুমি যেন জোনাকৰ পৰা ওলাই আহি
মোৰ ওচৰতে বহি,
মোৰ চকুলো মচি,
আলফুলে মোক
তোমাৰ দুবাহুৰ মাজত লোৱা মৰমেৰে ,
মোক সান্ত্বনা দিবলৈ,
আৰু মই....
তোমাৰ বুকুৰ উমৰ অনুভৱৰ
কৰঙনিত কথা পাতোঁ,
বহু কথা ;
অতীত বৰ্তমান আৰু ভৱিষ্যৎৰ কথা !
উজাৰি দিওঁ সকলো অভিমান আৰু
অনুভৱ কৰোঁ তোমাৰ মৰম,
হয় মই জানো !
এতিয়া তুমি নাই.....,
হেৰাই গৈছা দূৰ দিগন্তৰ বুকুত,
কিন্তু তোমাক ভাৱি তোমাৰ বুকুৰ উমৰ সোঁৱৰণীত
এই নিশা আৰু
এনে বহু নিশা উজাগৰে পাৰ কৰোঁ মই,
নিস্তব্ধ ৰাতি....
নিৰ্জনতাক সাৰথি কৰি
নি:সংগতাৰ হাত ধৰি
কথা পাতোঁ,
জোনাক তৰা আৰু মই.....!!
✍️লতা দেৱী পৌডেল
গাংমৌথান, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ