সখী-আলতাব হুছেইন

©Admin
0
প্ৰিয় সখী অনুৰাধা
মনত পৰেনে ?
মই আৰু তুমি পাতিছিলোঁ সখী
যৌৱনমতী গংগা নদীখনক সাক্ষী ৰাখি ।
নদীখন আজি বুঢ়া
তুমি দিয়া প্ৰতিশ্ৰুতিবোৰ হৈ পৰিল মিছলীয়া,
ইমান নিষ্ঠুৰ কিয় তুমি !
প্ৰতিশ্ৰুতিবোৰ নিলা তুলি,
নদীখনে কথা পাতিব পাৰিলে
হয়তো, তোমাৰ বিৰুদ্ধে দিলেহেঁতেন সাক্ষী ।
শান্ত হৃদয়ৰ দলিচাখনত
এতিয়া প্ৰশ্ন এটাই খৰধৰ কৰে
কিয় মানুহে পাতে সখী 
ৰঙীন সপোনবোৰ ভংগ কৰাৰ বাবে নেকি ?
প্ৰিয় সখী অনুৰাধা
আকাশ হৈ মোৰ জীৱনলৈ আকৌ আহা,
ৰাতিৰ আন্ধাৰত
তোমাৰ তৰাবোৰৰ তিৰবিৰনিত
মোৰ এই হৃদয়ত আঁকি যাম তোমাৰেই ছবি ।


✍️আলতাব হুছেইন
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)