সম্পাদকীয় - ৪ৰ্থ বৰ্ষৰ চতুৰ্থ সংখ্যা

Rinku Rajowar
0
"নগা জলকীয়াৰ কাক সমনীয়া নগা জলকীয়াৰ কাক
 বিহু থাকে মানে বিহুকে বিনাবি কাক।"

             বহাগ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো মাহ। নৱবৰ্ষৰ এই ক্ষণত সকলো সজীৱ হৈ উঠে নিজস্ব স্বকীয়তা ।  বহাগ অসমীয়াৰ হেঁপাহৰ ৰঙৰ উৎসৱ।বসন্তৰ আগমনত উদযাপন কৰা হয় বহাগ বা ৰঙালী বিহু।অসমৰ মূল বিহু উৎসৱ । বহাগৰ আগমনত প্ৰকৃতি ন ৰূপেৰে জিলিকি উঠে ।এয়া কপৌ ফুলাৰ সময় । চাৰিওফালে নাহৰ ,তগৰ , কপৌ,কেতেকী ফুলৰ সুবাসে কঢ়িয়াই আনিছে বহাগৰ বতৰা। প্ৰত্যেক অসমীয়াৰ হিয়াৰ আমঠু  বহাগ অসমীয়াৰ আৱেগ। 
        "বহাগ মাথো এটি ঋতু নহয় , নহয় বহাগ এটি মাহ 
অসমীয়া জাতিৰ ই আয়ুস ৰেখা , গণ জীৱনৰ সাহ।"
              বহাগ মাথো এটি ঋতু বা মাহ নহয়। অসমীয়া জাতিৰ স্বাভিমান ,অসমীয়াৰ আয়ুস এই বহাগ। এই বহাগতে প্ৰকৃতি যৌৱনা হয়, প্ৰকৃতিয়ে ন কুঁহিপাত মেলে।গছে পাত সলায়,সলায় বৰণ । লঠঙা হৈ থকা ডালত ন কুঁহিপাত মেলে। ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে এই বহাগতে । প্ৰকৃতিৰ এই  বিৰল     সৃষ্টিয়ে অসমীয়া চহা জীৱনলৈ আনে কৃষিজীৱি ৰাইজৰ ৰং, আনন্দ , আৱেগ-অনুভূতিৰ উৎসৱ ।প্ৰকৃতিৰ বুকুতে সৃষ্টি হয় অপূৰ্ব সৌন্দৰ্য কুলি - কেতেকী ৰ মাতত হৈ পৰে মন উন্মনা । সমন্বয়ৰ আৰু  সংমিশ্ৰনৰ চেতনাক সজীৱ কৰিবলৈ অনক্যৰ মাজত ঐক্যতাৰ সম্বন্ধ স্থাপন কৰিবলৈ প্ৰতিবছৰে বহাগ আহে । বহাগ আহে অসমীয়াৰ পৰিচয়, অসমীয়াৰ অস্তিত্বৰ প্ৰতীক হৈ ।
            পয়োভৰা বসন্তৰ শুভা গমনত অসমৰ শ্যামলী প্ৰকৃতি বিভিন্ন ৰঙৰ ফুলৰ সম্ভাৰেৰে  সুশোভিত  হৈ উঠে ।কথিত আছে যে সৃষ্টিকৰ্তাই নাৰীৰ সৃষ্টিৰ পাছত নাৰীৰ অলংকাৰ হিচাপে ফুলৰ সৃষ্টি কৰিছিল। বসন্তকালত নাৰীৰ মনত ফুলৰ বাবে মনৰ যি আগ্ৰহ বাঢ়ে নাৰীৰ হ্নদয়ত ফুলে এক অশান্ত জোৱাৰ তুলে । স্বাভাৱিকতে  নাৰীয়ে নিজে ফুল চিঙি খোপাত গুজি ল'লে স্ব-কুল ধবংস হয় বুলি কৈ আহিছে। সেইবাবে প্ৰতিটো বসন্তকালত নাৰীসকলে আাশা কৰাৰ দৰে  প্ৰিয়জনে নাৰীৰ খোপাত এপাহি  সুকোমল শুভ্ৰ কপৌফুল গুজি  দি অনাবিল আনন্দানুভূতি অনুভৱ কৰে এনেদৰে  -
            "নেঘেৰী খোপাতে কপৌফুল এপাহি সোনত সুৱগা চৰে,
  এইজনী চকুলৈ চাবকে নোৱাৰি চকুত চাটে মাৰি ধৰে।"
         এই বহাগে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখৰ বতৰা,সু-স্বাস্হ্য, সু - মনৰ অধিকাৰী কৰি তোলক প্ৰতিটো দিন প্ৰতিটো সময়। ন ন চিন্তাৰে  উন্মেষ হওঁক । তাৰেই কামনাৰে সকলোলৈকে অসমীয়া নৱবৰ্ষ তথা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে অসমীয়া সাহিত্যৰ চানেকি আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)