মোৰ শব্দহীন কবিতা -মঞ্জিমা নেওগ

©Admin
0
যদি লিখোঁ এটি
শব্দবিহীন কবিতা
কিমানে বাৰু আদৰিব?

যদি বিনা শব্দৰে সজাও
কিছু অকথিত কাহিনী
কিমানে বাৰু শুনিব?

যদি মৰহা ফুলেৰে 
এডাল মালা গাঁঠো
তেওঁ বাৰু আদৰি লব নে?

কেতিয়াবা লিখিবলৈ প্ৰয়াস কৰো
এক শব্দবিহিন কবিতা ।।
শব্দৰ বিন্ন্যাসেৰে নসজালেও
প্ৰিয় বোৰৰ সমাৰ্থকেৰে
সজাবলৈ মন যায় 
নিজৰ আপোন পৃথিৱী খনক ।।
কেতিয়াবা শুনিবলৈ মন যায়
শব্দহীন মৰমৰ কাহিনী 
আৰু
গাঠিবলৈও মন যায় 
সেই 
মৰহা পাপৰিৰ মালাডাল..
যদি প্ৰিয় বোৰে সকলো আদৰে
মইও পুনৰ কবি হম
মোৰ শব্দবিহীন কবিতাৰ..!!
পুনৰ শ্ৰোতা হম
শব্দবিহীন কাহিনীবোৰৰ
আৰু প্ৰিয় বোৰে যদি অাদৰে
মৰহা ফুলৰ মালা
গুঠিবলৈ নকৰোঁ
অকণমানো সংকোচ ।।
যদি আপুনিও শুনে 
মোৰ কবিতা 
অৰ্থৰে সজাই তুলিম
সেই অৰ্থ বিহীন শব্দবোৰক
আপুনি কাষত ৰোৱা সময়ৰ
এক অজানা শিহৰনেৰে..


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)