জীৱনৰ পংক্তি-ৰাহুল চেতিয়া

0
সেই তাহানিতে মুক্ত আকাশৰ তলত 
নিঃসংকোচে এৰি দিয়া
 মৌনতাবোৰ,
আজি দেখোন
হৃদয়ৰ সভাসদ হলহি!

মৌন ওঁঠেৰে হৃদয়ৰ গোপন কোঠাত
বোৱাই লৈ ফুৰা সেউজীয়া হাবিয়াসবোৰ,
আজি কাল:ধুমুহাত ক্ষত বিক্ষত হৈ
সন্মুখতে ধ্বংসাৱশেষত পৰিণত হ'ল।

প্ৰাপ্তি-অপ্ৰাপ্তিৰ 
হাবিয়াসত
কৃত্ৰিম অকৃত্ৰিম মৰম স্নেহ,
মান-অভিমান অনুৰাগেৰে
প্ৰেমৰ  উতনুৱা ঢল।

পৰিসমাপ্তি হওঁক
প্ৰাপ্তি-অপ্ৰাপ্তিৰ,
ৰাগ-অনুৰাগৰ,
সেই দেওলগা অতীতবোৰৰ,
জীৱনৰ  বীজগাণিতিক সমস্যাৰ পৰিসংখ্যা বোৰ।

আজিও অদূৰত ভাঁহি আছে
ধেমাজিৰ সেই বোমা বিস্ফোৰণত
নিহত হোৱা কণ কণ শিশুবোৰৰ আস্ফালন বোৰ,
সন্মুখত শ্মশানৰ ছবি 
গা শিয়ঁৰি উঠা দৃশ্য!
আজি  অসংখ্য শিখাই সোঁৱৰে
জাক জমকতাৰে ।

হৃদয়ৰ অনুকম্পাত 
জোকাৰণি তুলি ওলাই আহে
দুখেৰে পৰিপূৰ্ণ
মৌনতাৰ ওঁঠত,
হৃদয়ে বোৱাই অনা 
চিৰ প্রসস্তি হাঁহি।।

✍️ৰাহুল চেতিয়া,চিলাপথাৰ,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)