বাবাচাহেৱ ড০ আম্বেডকাৰ-পঙ্কজ ৰবিদাস

©Admin
0
 ড০ আম্বেডকাৰ আজি এজন মাথোঁ ব্যক্তি নহয় ;এক আদৰ্শৰ নাম, বঞ্চিত জনতাৰ প্ৰাণ। সেয়ে বঞ্চিত ভাৰতে তেওঁক আখ্যা দিয়ে পিতা, মাৰাঠী ভাষাত বাবাচাহেৱ। যাৰ শৈশৱ  মুঠেই সোনোৱালী  নাছিল । তেওঁৰ  দুবছৰ বয়সতে  নিজ পিতৃয়ে সৈন্য বাহিনীৰ চুবেদাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল, পাঁচ বছৰ বয়সতে বিদ্যালয়ত নাম ভৰ্তি কৰিছিল যদিও এবছৰ পিছত অৰ্থাৎ মাঠো ছয় বছৰ বয়সতে মাতৃহীনা হৈ পেহীয়েকৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। হিন্দু ধৰ্মৰ ঘৃণনীয় অস্পৃশ্যতাৰ ৰোগে সেই সময়ৰ সামাজিক পৰিৱেশ কলুষিত কৰিছিল আৰু আম্বেদকাৰৰ দৰে তথাকথিত শূদ্ৰ বৰ্ণৰ লোকে বাল্যকালৰ পৰাই নানান লাঞ্চনা ভুগিছিল। দোকানত দোকানীয়ে সেই সময়ত শূদ্ৰক স্পৰ্শ কৰিলে অশুদ্ধ হোৱাৰ ভয়ত শিশু আম্বেদকাৰক  দূৰৰ পৰাই সামগ্ৰী দলিয়াই দিছিল, বিদ্যালয়ত অকলশৰীয়াকৈ এচুকত অথবা পিৰালিত বস্তা পাৰি বহিবলগীয়া হৈছিল। পিয়াহত আতুৰ হৈ থাকিলেও নিজে লৈ পানী খাব নোৱাৰিছিল। তাৰ পৰিৱৰ্তে বিদ্যালয়ৰ চকীদাৰেহে প্ৰয়োজনত ওপৰৰ পৰা পানী ঢালি দিছিল আৰু  সেয়ে কোনোবাদিনা চকীদাৰ নাহিলে পিয়াহত কণ্ঠ শুকাই গলেও পানী নাপাইছিল। হিন্দু ধৰ্মৰ এই জঘণ্য চতুবৰ্ণ প্ৰথাৰ বাবে চুলি কটাবলৈকো নিম্ন বৰ্গৰ লোক সকলে নাপিট বিচাৰি পোৱা নাছিল, সুবিধা মতে ঘৰ ভাড়ালৈ পোৱা নাছিল আৰু ৰিক্সা, গৰুগাড়ী আদিটো নিম্ন বৰ্ণৰ বুলি গম পালে উঠিবলৈ দিয়া নাছিল।  পিছলৈ উচ্চ শিক্ষিত হোৱাৰ পিছতো সৈন্য বাহিনীৰ সচিব পদত চাকৰি কৰোঁতেও চতুৰ্থ বৰ্গৰ সাধাৰণ কৰ্মচাৰীয়েও ফাইল আদি দলিয়াই  দিয়াৰ দৰে অমানৱীয় ঘটনাই আম্বেদকাৰৰ মনত গভীৰ ৰেখাপাত কৰিছিল।  তুলসীৰাম দাসৰ "ৰামচৰিত মানস"ত উল্লেখ  আছে -গুণহীন ব্ৰাহ্মণ পূজনীয় হোৱাৰ বিপৰীতে গুণৱন্ত শূদ্ৰ ও কিন্তু পূজনীয় নহয়  আৰু এনে ধৰণৰ ধৰ্মীয় গ্ৰন্থই জাতিভেদৰ  বৱস্হাটোক সাৰপানী যোগাই আহিছে।  এইগৰাকী মনীষীয়ে ওৰেটো জীৱন  মুুক জনতাৰ বাবে এক  শক্তিশালী  কণ্ঠ হৈ বঞ্চিত ভাৰতৰ পিতৃ অৰ্থাৎ মাৰাঠী ভাষাত বাবাচাহেৱ নামেৰে জনাজাত হৈছিল।
  পেট্ৰ'ল পাম্পত কাম কৰি পিছলৈ দেশৰ এক নামজ্বলা উদ্যোগপতি হিচাপে পৰিগণিত হৈছিল মুকেশ আম্বানী আৰু অনীল আম্বানীৰ পিতৃ ধিৰুভাই আম্বানী; এসময়ত বাছ কনডাক্টৰ হিচাপে কাম কৰা দক্ষিণৰ ৰজনীকান্ত আৰু বন্ধুৰ পৰা ২০ টকা ধাৰ লৈ চিনেমা জগতলৈ বাছেৰে যোৱা শ্বাহৰোখ খান আজি চিনেমা জগতৰ বাদশ্বাস। ঠিক তেনেদৰে শুনিবলৈ পাওঁ যে প্ৰখ্যাত ফুটবল খেলুৱৈ লিয়নিল মেছি আৰু আমাৰ দেশৰ বৰ্তমান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱেও এসময়ত জীৱিকাৰ বাবে চাহৰ দোকানত কাম কৰিছিল বা চাহৰ দোকান দিছিল। কিন্তু আমি হয়টো সৰহসংখ্যকেই নাজানো যে কেতিয়াবা বিদ্যালয়ৰ বাৰান্দাত আৰু কেতিয়াবা বিদ্যালয়ৰ শেষ বেঞ্চত অকলশৰীয়াকৈ এলাগী হৈ থকা এজন ছাত্ৰ শেষত সৰ্বশ্ৰেষ্ঠ ভাৰতীয় আৰু ভাৰতৰত্নৰে অলংকৃত হোৱাৰ উপৰিও চিম্বল অফ ন'লেজ (simbol of knowledge) বুলি বিভোষিত হ'ল। হয়, সেইজনেই হৈছে ভাৰতৰত্ন বাবাচাহেৱ ড০ ভীমৰাও আম্বেদকাৰ।         যুগ যুগান্তৰৰ শেষত এনেধৰণৰ মহাত্মা বা মহামানৱে এই পৃথিৱীত জন্মগ্ৰহণ কৰে যাৰ বিচাৰধাৰা আৰু অতুলনীয় অৱদান তথা কৰ্মৰাজীয়ে যুগ যুগ ধৰি সাধাৰণ জনতা আৰু সমাজ ব্যৱস্থাক প্ৰভাৱিত কৰি ৰাখি সহজ সৰল জনগণক উদ্গতি বা প্ৰগতিৰ বাবে অসীম প্ৰেৰণা যোগাই আহিছে। এক যোগাত্মক পৰিৱৰ্তনৰ বাবে মনোবল আৰু উৎসাহ যোগায়। এনে এক পূণ্যাত্মা হ'ল যোগপুৰুষ ড০ আম্বেদকাৰ। ১৮৯১ চনত মধ্য প্ৰদেশৰ মহু নামে এখন গাঁৱত জন্ম লাভ কৰা আম্বেদকাৰৰ  জন্মভূমি গাওঁ খন আজি ড০ আম্বেদকাৰ নগৰ বুলি পৰিচিত আৰু তেখেতৰ অনুগামীসকলে আজি সেই গাওঁ খনক পূণ্য তীৰ্থস্থান বুলি গণ্য কৰে। শোষণ, পীড়া আৰু ভেদভাৱৰ মাজত শৈশৱ অতিবাহিত কৰা আম্বেদকাৰৰ প্ৰখৰ বুদ্ধিমত্তা আৰু অনন্য ব্যক্তিত্বৰে ৰাষ্ট্ৰ নিৰ্মাণৰ লগতে দেশ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত স্মৰণীয় অৱদান দি থৈ গৈছে।                                      আম্বেদকাৰ আছিল শোষিত আৰু উপেক্ষিত জনগণৰ ত্ৰাণকৰ্তা। প্ৰতিজন শোষিত আৰু বঞ্চিত জনতাৰ তেওঁ এক বলিষ্ঠ কণ্ঠ আছিল। সেয়ে আজি আম্বেদকাৰ এজন মাঠো ব্যক্তি নহয়, দৃঢ় সংকল্পৰ অন্য নাম আৰু আজি ভাৰতৰ ভিতৰতে নহয়, সমগ্ৰ বিশ্বতে সমাদৃত হৈছে। ইংৰাজ চৰকাৰৰ অধীনৰ সৈন্য বাহিনীৰ চুবেদাৰ পদত কাৰ্যনিৰ্বাহ কৰা ৰামজী মালোজী চকপাল আৰু মাতৃ ভীমাবাঈৰ ১৪ নম্বৰ তথা কণিষ্ঠতম সন্তান ভীমৰাও আম্বেদকাৰ দেৱ সামাজিক, আৰ্থিক, ৰাজনৈতিক, ধৰ্মীয়, শিক্ষা, সাহিত্য, সংস্কৃতি, সাংবিধানিক আদি বিভিন্ন ক্ষেত্ৰত মহত্বপূৰ্ণ অৱদানেৰে যুগমীয়া কীৰ্তি ৰাখি বন্দিত হৈ আহিছে। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী হৈ মহিলা আৰু শ্ৰমিক শ্ৰেণীৰ সৱলীকৰণৰ  লগতে সামাজিক ও আৰ্থিক পৰিৱৰ্তনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। কিন্তু আজি অৱশ্যে অনুসূচিত জাতিৰ সংগঠন সমূহৰ বাহিৰে শ্ৰমিক, মহিলা বা আন সামাজিক সংগঠনে আম্বেদকাৰ দেৱৰ জন্ম আৰু মৃত্যু বা মহাপৰিনিৰ্বান দিৱসত স্মৰন কৰা তেনেকৈ দেখা পোৱা নাযায়। তেওঁ বঞ্চিত খাতিখোৱা জনগণৰ উত্থানৰ বাবে সমাজত জাগৰণ আনি সংগঠিত কৰি ন্যায্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰিয়েই সমগ্ৰ জীৱন উচৰ্গা কৰিছিল। তেওঁ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি  'শিক্ষিত হোৱা, সংগঠিত হোৱা আৰু ন্যায্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰা;"-এই মহামন্ত্ৰ সাধাৰণ জনতাক দি গৈছে। শিক্ষাৰ প্ৰসংগত তেওঁ কৈছিল যে শিক্ষা হ'ল এজনী বাঘিনীৰ গাখীৰ আৰু যি খায়, তেওঁৱেই বলৱন্ত হৈ উঠে। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক সংবিধান তথা আমাৰ ভাৰতবৰ্ষৰ সংবিধান খন হ'ল তেওঁৰ আন এক কীৰ্তিস্তম্ভ। তেওঁ আছিল স্বতন্ত্ৰ বিচাৰধাৰাৰ বিভূতি আৰু এজন অদ্ভূত বিদ্বান ব্যক্তি । সেয়ে জাতিৰ পিতা মহাত্মা গান্ধী আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ লগত মত, দৰ্শন আৰু আদৰ্শৰ পাৰ্থক্য থাকিলেও আম্বেদকাৰ দেৱৰ পাণ্ডিত্যক উপেক্ষা কৰিব নোৱাৰি নেহেৰু মন্ত্ৰীসভাত স্হান দিছিল। অৱশ্যে সংসদত হিন্দু কোড বিল গৃহীত নোহোৱাত তেওঁ খং আৰু অভিযানত ১৯৫১ চনত নেহেৰু মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল। পৰৱৰ্তীকালত বিলখনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা উপলদ্ধি কৰি টুকুৰা টুকুৰকৈ হিন্দু কোড বিল গৃহীত হৈছিল। তেওঁ পৰাধীন ভাৰতত ১৯২৬ চনত বম্বে বিধান পৰিষদৰ সদস্য নিৰ্বাচিত হৈ শ্ৰমমন্ত্ৰী হৈছিল। তেওঁ ৰাজহুৱা পুখুৰীৰ পানী খোৱাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আন্দোলন কৰা পৃথিৱীৰ একমাত্ৰ আৰু প্ৰথম সত্যাগ্ৰহী নেতা। এই অহিংস সংগ্ৰাম মাহাড় সত্যাগ্ৰহ নামে জনাজাত। তেওঁ মন্দিৰত প্ৰবেশ কৰিবলৈ আৰু পুখুৰীৰ পানী খোৱাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ভাৰতীয় সমাজ ব্যৱস্থাত তথাকথিত নিম্ন শ্ৰেণীৰ লোকসকলৰ হৈ আন্দোলন কৰিবলগীয়া হৈছিল। ভাৰতৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ "সবকা সাথ, সবকা বিকাশ" মূল মন্ত্ৰ আম্বেদকাৰ দেৱৰ পৰা অনুপ্ৰাণিত হৈ লৈছিল বুলি উল্লেখ কৰিছে। আম্বেদকাৰ দেৱে বঞ্চিত লোক সকলক বুজাব খুজিছিল যে যিখন পৃথিৱীত তেওঁ লোকে বসবাস কৰে আৰু যিখন আকাশৰ তলত  তেওঁ লোক থাকে, তাত তেওঁ লোকৰো সমান অধিকাৰ আছে। বিদ্যালয়ত তেওঁ পিয়াহত পানী খাবলৈও অপমানিত হ'ব লগা হৈছিল আৰু পানী খোৱা পাত্ৰ চুব নোৱাৰিছিল । বেলেগকৈ অকলে শেষ বেঞ্চত বহিব লগীয়া হৈছিল আৰু আনকি কেতিয়াবা বিদ্যালয়ৰ বাৰান্দাত বহিয়েই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। এই আম্বেদকাৰ দেৱেই পিছলৈ কলা আৰু বিজ্ঞান শাখাৰ উভয়ৰে একাধিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী, আইনৰ স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰিও একাধিক বিষয়ত গৱেষণা কৰি ৪টাকৈ ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হৈছিল। দেৱভাষা সংস্কৃতকে ধৰি কেইবাটাও ভাৰতীয় আৰু ইউৰোপীয় ভাষা তেওঁ অধ্যয়ন কৰিছিল। তেওঁ পালি ভাষাৰ অভিধান খনো লিখি উলিয়াইছিল। তেওঁ দক্ষিণ এছিয়াৰ ভিতৰত অৰ্থনীতি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ প্ৰথম জন ব্যক্তি। তেওঁ" টকাৰ সমস্যা, উৎপত্তি আৰু সমাধান" শীৰ্ষক গৱেষণা পত্ৰ লিখি অৰ্থশাস্ত্ৰত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু সেই থেচিচৰ ফলস্ৰুতিত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গঠন কৰা হৈছিল। তেওঁ অৰ্থনীতি, সমাজশাস্ত্ৰ, ইতিহাস, নৃতত্ব,, ৰাজনীতি আৰু দৰ্শন এই আটাইবোৰ বিষয়ত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। লণ্ডনৰ পৰা তেওঁ বিজ্ঞান শাখাত ১৯২১ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯১৭ চনত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয় পৰা পি এইচ ডি, ১৯৫২ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা এল এল ডি,১৯২৩ চনত  লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা বি এছ চি আৰু হাইডৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা বি লিট আদি চাৰিটাকৈ ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯২০ চনত তেওঁ লণ্ডনৰ "গ্ৰে'চ ইন"ৰ পৰা আইনৰ বেৰিষ্টাৰ ডিগ্ৰী লাভ কৰে। তেওঁ ২৪ বছৰ বয়সতে ভাৰতীয় সমাজৰ জাতি ব্যৱস্থা সম্পৰ্কে গৱেষণা মূলক তথ্য সমৃদ্ধ লেখা লিখিছিল। তেওঁ এবছৰত ১৬ হাজাৰ কিতাপ পঢ়িছিল আৰু নিজৰ ব্যক্তিগত পুথিভঁৰালত ৫০ হাজাৰ কিতাপ ৰাখিছিল। তেওঁ ২বছৰ ১৫মাহ ১৮ দিনত স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰিছিল। তেওঁ মুকনায়ক, বহিষ্কৃত ভাৰত আৰু জনতা নামেৰে তিনিখন আলোচনী সম্পাদনা কৰি প্ৰকাশ কৰিছিল। তেওঁ সমতা সৈনিক দল, শ্ৰমিক দল ,  বহিষ্কৃত হিতকাৰণী সভা আৰু অনুসূচিত জাতি জনজাতি সংঘ নামেৰে সামাজিক আৰু ৰাজনৈতিক সংগঠন গঠন কৰিছিল। শ্ৰমিকৰ কামৰ সময় ১৪ঘন্টাৰ পৰা ৮ ঘন্টাৰ আৰু অতিৰিক্ত কামৰ বাবে অতিৰিক্ত বাৰ্তা দিয়াৰ ব্যৱস্থা তেওঁৰ উদ্যোগতে হৈছিল।             পশু আৰু মানুহৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে তেওঁ কৈছিল -পশুৱে নিজে বিচাৰ আৰু বিকাশ কৰিব নোৱাৰে, মানুহে নিজৰ চিন্তা শক্তি প্ৰয়োগ কৰি বিকাশ সাধন কৰিব পাৰে। মানুহ অমৰ নহয়। কিন্তু নিজৰ বিচাৰ আৰু আদৰ্শ ভৱিষ্যত প্ৰজন্মলৈ এৰি যাব পাৰে। নতুন চিন্তাধাৰা আৰু উদ্ভাৱনী শক্তিৰে মানুহে পৰিৱৰ্তন সাধন কৰিব পাৰে। সেয়ে সময়ৰ লগত চিন্তাৰো সলনি হোৱা প্ৰয়োজন। তেতিয়াহে ডাঙৰ সপোন দেখিব পাৰি। ৰাজনীতিক সমানতা, লিংগৰ সমানতাৰ লগতে সামাজিক সমানতাৰ ওপৰটো তেওঁ বাখ্যা কৰিছিল। এইজন যুগনায়কক বহু পলমকৈ মৰণোত্তৰভাৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী ভি পি সিংৰ কাৰ্যকালত বহুজন সমাজ পাৰ্টীৰ নেত্ৰী মায়াৱতীৰ হেঁচাতহে ১৯৯০ চনত ভাৰতৰত্ন সন্মান প্ৰদান কৰা হয়। ২০১২ চনত এক ব্যক্তিগত দূৰদৰ্শন চেনেল History TV আৰু CNN-IBNএ এক দেশজুৰি চলোৱা জনতাৰ  সমীক্ষাত সৰ্বোত্তম মহান ভাৰতীয় আৰু আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ে তেখেতক ১৩/০৯/২০১৫ তাৰিখে বিশ্বৰ ১০০জন শ্ৰেষ্ঠ বিদ্বানৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি আখ্যা দিয়ে। বিংশ শতিকাৰ এইজন শ্ৰেষ্ঠ ভাৰতীয়ৰ ১৯৫৬ চনৰ ৬ ডিচেম্বৰত এই পৃথিৱীৰ পৰা মহাপ্ৰস্হান ঘটে। আজি এইজন মহামনীষীৰ ১৪ এপ্ৰিল তাৰিখৰ ওপজা দিনত সশ্ৰদ্ধাৰে স্মৰণ কৰিলো।



*পঙ্কজ ৰবিদাস,* *তিনিচুকীয়া*



 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)