বৃহত্তৰ বামুনীমৈদাম জ্যোতিনগৰ শাখাৰ উদ্যোগত লেখিকা সংস্থা অসমৰ অনুষ্ঠান সম্পন্ন

Rinku Rajowar
0
যোৱা ইং ৮ এপ্ৰিল ২০২৩ তাৰিখে তীৰ্থনাথ ভৱনত দিনযোৰা কাৰ্যসূচীৰে বৃহত্তৰ বামুনীমৈদাম জ্যোতিনগৰ শাখাৰ উদ্যোগত লেখিকা সংস্থা অসমৰ এটি সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।এই সভাত উপস্থিত থাকে মাননীয়া মৃদুলা শৰ্মা,লেখিকা সংস্হা অসমৰ সভাপতি,লগতে বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে মাননীয়া অৰূপা বৰুৱা,লেখিকা,প্ৰৱন্ধকাৰ ,বন্তি প্ৰজ্বলন কৰে লেখিকা,সাংবাদিক শশীপ্ৰভা দাসে, সাংগঠনিক সম্পাদক মাননীয়া মৃণালী ভড়ালীৰ উপৰিও কেইবাটাও শাখাৰ লেখিকা সংস্থা অসমৰ সভাপতি,সম্পাদক সকল উপস্হিত আছিল। বৃহত্তৰ বামুণীমৈদাম জ্যোতিনগৰ শাখাৰ সভাপতি, মাননীয়া ডক্টৰ বৈজয়ন্তী গোস্বামীয়ে সভাপতিত্ব কৰে। বৃহত্তৰ  হেঙেৰাবাৰী লেখিকা সংস্হাৰ সভাপতি  মাননীয়া অঞ্জলীকা গোস্বামী চৌধুৰীয়ে।
পূৱ গুৱাহাটী শাখাৰ সম্পাদক ৰীতামণি বৰদলৈ,লেখিকা জ্যোতি বৰা লগতে পাঞ্জাবাৰী শাখাৰ ৰুনুদেৱী শৰ্মা। বৰগীত পৰিৱেশন কৰে ডক্টৰ কৰবী গোস্বামীয়ে, কোৰাচ পৰিৱেশন কৰে গীতাঞ্জলী বৈশ্যনাথ,পুতুলী ঠাকুৰীয়া মেধি আৰু কাকলী বুজৰ বৰুৱা । সভাৰ উদ্দেশ্য বাখ্যা কৰে বৃহত্তৰ বামুণীমৈদাম জ্যোতি নগৰ শাখাৰ সম্পাদকে। মঞ্চত উপবিষ্ট মাননীয়া মৃণালী দেৱীৰ  ৰসাল বক্তব্য ই ৰাইজক মোহিত কৰি তোলে ।সুলেখিকা অৰূপা বৰুৱাৰ শুৱলা কথাৰে সভাখনৰ গাম্ভীয্য প্ৰদান কৰে ।সাংগঠনিক সংগঠক মৃণালী ভড়ালীৰ বহুমূল্যৱান কথাৰে শাখাটিৰ উন্নতি কামনা কৰা হ'ল। নৃত্য পৰিৱেশন কৰে ববিতা ডেকাই,নাটক পৰিৱেশন কৰে চিফুং নদীৰ ঘাট,অলকানন্দা ডেকাই  লগতে নাটকখন  অভিনয় কৰে কাকলি বুজৰ বৰুৱা,পুতুলী ঠাকুৰীয়া মেধি,অসীমা ভড়ালী,ভাৰতী গগৈ। শলাগৰ শৰাই আগবঢ়াই সম্পাদক হিৰণ্যময়ী বৰুৱাই । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)