অৰণ্য সুৰক্ষাত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ-দেৱজিত বৰুৱা

©Admin
0
অৰণ্য জীৱৰ জীৱন, অৰণ্য মহাজীৱনৰ মহা সংস্কৃতিৰ আলিপন। অৰণ্যহীনতাই জীৱনৰ মৃত্যুবাণ। অৰণ্যই চিৰদিন মানুহক প্ৰাণ প্ৰাচুৰ্যৰে সৰ্বশ্ৰেষ্ঠ আসনত প্ৰতিষ্ঠা কৰি আহিছে। অৰণ্যৰ অপৰিসীম আৰু অযাচিত অৱদান মানুহৰ বাবে সৰ্বশ্ৰেষ্ঠ আশীৰ্বাদ। আমাৰ দেশৰ সকলো সভ্যতাৰ উন্মেষ ঘটিছিল অৰণ্যৰ মাজৰ পৰা। অৰণ্য ভূমিক কেন্দ্ৰ কৰিয়েই আমাৰ প্ৰাচীন সভ্যতা সমূহ গঢ়ি উঠিছিল। ভাৰতবৰ্ষৰ শিক্ষা আৰু জ্ঞানৰ কেন্দ্ৰবোৰো আছিল 'তপোবন' আৰু 'আশ্ৰম' নামৰ অৰণ্য আচ্ছাদিত অঞ্চলত। লগতে পুথিবোৰো ৰচিত হৈছিল অৰণ্য পৰ্যবেক্ষণৰ মাধ্যমেৰে। ভাৰতীয় দৰ্শন আৰু আৰাধ্য দেৱ-দেৱী সকলো প্ৰকৃতিৰ শক্তিবোৰৰ প্ৰতীক হিচাপে পূজিত হৈ আহিছে। ইয়াৰ পৰা আমাৰ উপলব্ধি কৰিবলৈ অসুবিধা নহয় যে আমাৰ আধ্যাত্মিক চিন্তাবোৰ দৰাচলতে অৰণ্য আৰু বন্যপ্ৰাণী তথা প্ৰকৃতি সংৰক্ষণৰ ক্ৰমবিৱৰ্তিত ৰূপ। আজিৰ পৰা প্ৰায় পাঁচ হেজাৰ বছৰ পূৰ্বৰ সভ্যতা মহেঞ্জোদাৰো আৰু হৰপ্পা যুগতো মানুহে প্ৰকৃতিক শ্ৰদ্ধা তথা আৰাধনা কৰিছিল। হৰপ্পা সভ্যতাত জড়োপাসনা বা গছ-গছনি, পানী আৰু জুইৰ উপাসনাও হৰপ্পাৰ লোকসকলৰ মাজত প্ৰচলিত আছিল। প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সচেতনতা সেই যুগতো ভাৰতীয় সকলৰ আছিল। জীৱন্তগ্ৰহ পৃথিৱীৰ প্ৰাণ প্ৰাচুৰ্যৰ প্ৰতি তেতিয়াৰ পৰা আমাৰ দেশৰ লোক সকল সজাগ আছিল। সেই যুগতে মানুহে পৃথিৱী মাতাৰ পূজা কৰিছিল।

                         খ্ৰীষ্টপূৰ্ব ১৫০০ পৰা ৭০০ এই সময়ছোৱাত আমাৰ দেশত বৈদিক সভ্যতাৰ উন্মেষ ঘটিছিল। ঋক বেদৰ দ্বাৰা উম্মোচিত জগতত আৰু পৰৱৰ্তী বৈদিক ৰচনাত যিবোৰ কথা আছে তাৰ বহুখিনিয়ে মূলত প্ৰকৃতি সংৰক্ষণৰ কথা। সেই যুগত মানুহে বেছিভাগ প্ৰাৰ্থনা কৰিছিল প্ৰকৃতিক আহ্বান কৰি। উদাহৰণস্বৰূপে সেইযুগত অন্যতম প্ৰধান প্ৰাৰ্থনা আছিল "হে প্ৰকৃতি আমাৰ প্ৰসন্ন হওঁক।" প্ৰাচীন কালত ঋষি-মুনি সকলৰ প্ৰকৃতি সংৰক্ষণৰ বিষয়ে গভীৰ জ্ঞান আছিল। তেতিয়াই তেওঁলোকে জানিছিল মানুহে ক্ষন্তেকীয়া সুখৰ বাবে নিজৰে বৃহৎ ক্ষতি সাধন কৰিব পাৰে। প্ৰাচীন কালৰ পৰাই ভাৰতত প্ৰকৃতিৰ সৈতে সন্তুলন কৰি চলা বা আগবঢ়াৰ মহত্বপূৰ্ণ সংস্কাৰ বিদ্যমান। এই সকলোবোৰ ব্যৱস্থা থকাৰ পিছতো ভাৰতত ভৌতিক বিকাশৰ অন্ধ দৌৰত প্ৰকৃতি প্ৰতিটো ক্ষণতে পদদলিত হোৱা দেখা যায়। বৈদিক ৰচনা সমূহত প্ৰকৃতিৰ প্ৰত্যেক অৱয়বৰে সংৰক্ষণ আৰু সংবৰ্ধনৰ নিৰ্দেশ পোৱা যায়। আমাৰ ঋষিসকলে জানিছিল যে পৃথিৱীৰ আধাৰ হৈছে জল আৰু অৰণ্য। এইকাৰণেই তেওঁলোকে পৃথিৱী ৰক্ষাৰ বাবে বৃক্ষ আৰু জলক মহত্বপূৰ্ণ বুলি মানি লৈ কৈছে যে -"বৃক্ষাদ বৰ্ষতি পৰ্য্ন্য: পৰ্য্ন্যদন্ন সম্ভৱ:" অৰ্থাৎ বৃক্ষই জল, জলেই অন্ন, অন্নই জীৱন। অৰণ্যক আমাৰ ঋষিসকলে আনন্দদায়ক বুলি কৈছে- "আৰণ্যং তে পৃথিৱী স্যোনমস্তু"। কাৰণ যে হিন্দুজীৱনৰ চাৰিটা মহত্বপূৰ্ণ আশ্ৰমৰ ভিতৰত ব্ৰহ্মচৰ্য, বাণপ্ৰস্থ আৰু সন্ন্যাস এই তিনিওটা আশ্ৰমৰে সম্পৰ্ক প্ৰত্যক্ষভাৱে অৰণ্যৰ সৈতে জড়িত। আমি ক'ব পাৰোঁ যে এই বনতে আমাৰ সাংস্কৃতিক পৰম্পৰাৰ সম্বৰ্দ্ধন হৈছে। হিন্দু সংস্কৃতিত বৃক্ষক দেৱতা হিচাবে মানি লৈ পূজা কৰাৰ বিধান আছে। সম্ৰাট বিক্ৰমাদিত্য আৰু অশোকৰ শাসনকালত বনৰ ৰজাই সৰ্বোপৰি আছিল। চাণক্যইও আদৰ্শ শাসন ব্যৱস্থাত অনিবাৰ্যভাৱে অৰণ্য পালকৰো নিযুক্তি দিয়াৰ কথা কৈছিল।

                            উদ্ভিদৰ প্ৰজাতিবোৰৰ শৰীৰত যে প্ৰাণ আছে অৰ্থাৎ গছৰো যে প্ৰাণ আছে সেই কথা আধুনিক বৈজ্ঞানিক পদ্ধতিৰে প্ৰমাণ কৰি দেখুওৱা বিজ্ঞানীজনো ভাৰতীয়। আচাৰ্য জগদীশ চন্দ্ৰ বসুৱে প্ৰথম বিশ্ববাসীক প্ৰমাণ কৰি দেখুৱাইছে যে গছৰো প্ৰাণ আছে, গছো সংবেদনশীল। এটা কথা লক্ষ্যনীয় যে জগদীশ চন্দ্ৰ বসুৱে কিন্তু কোৱা নাই যে তেওঁৱেই এই সত্য প্ৰথম উদ্ভাৱন কৰিছে। তাৰ পৰিৱৰ্তে তেখেতে কৈছিল যে "আমাৰ পূৰ্বপুৰুষ ভাৰতীয় সকলে বহুদিনৰ আগৰে পৰা জানিছিল যে গছৰো প্ৰাণ আছে। মই সেই সত্যটোকে আধুনিক যন্ত্ৰপাতি আৰু বৈজ্ঞানিক বিশ্লেষণেৰে প্ৰমাণ কৰিছোঁ।" সংঘবদ্ধভাৱে বন সৃজনৰ নীতিও প্ৰাচীন ভাৰততে স্থাপিত হৈছিল। চন্দ্ৰগুপ্ত মৌৰ্য্যৰ সময়তেই সামাজিক বনানীকৰণৰ চেতনা জাগৃত হৈছিল।সেই সময়তে ৰাইজে ৰাস্তাৰ দুয়োফালে বৃক্ষৰোপণৰ নীতি গ্ৰহণ কৰিছিল। বৃক্ষৰোপণৰ মাধ্যমেৰে তেতিয়াই ডাঙৰ ডাঙৰ উদ্যান গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছিল। সামাজিক বিধান, আচৰণ, পূজা অৰ্চনাৰ নিয়ম আৰু অনুষ্ঠানৰ মাজৰে ভাৰতীয় সমাজত জৈৱ বৈচিত্ৰতাক সংৰক্ষণ কৰা হৈছে। ভাৰতীয় ধৰ্ম পৰম্পৰাৰ মাজেৰে সংৰক্ষণ কৰা হৈছে হাজাৰ হাজাৰ বৃক্ষক। ভাৰতীয় দৰ্শন আৰু ধৰ্মীয় কথাবোৰ দৰাচলতে বৈজ্ঞানীক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত কিছুমান ৰূপক। ৰূপক হিচাপে এইবোৰ সমাজত জনপ্ৰিয়ভাৱে প্ৰচলিত থাকিলেও এইবোৰ কিন্তু বৈজ্ঞানীক বিশ্লেষণ আৰু সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত। 

                      চিৰ সেউজ অৰণ্যৰ বুকুতে মানুহৰো উদ্ভৱ আৰু বিলয়। মহাজীৱনৰো পাতনি অৰণ্যৰ বুকুতেই। প্ৰকৃতিয়ে এই অৰণ্যৰ জীৱনক প্ৰতিপালিত কৰিছে নিজ বুকুৰ অমৃত সম্ভাৰেৰে। অৰণ্যৰ বুকুতেই ঋষি-মুনিসকলে জগতৰ বাবে অমৃতৰ সন্ধান কৰিছিল। সন্দীপনি মুনিৰ তেনে এখনি আশ্ৰমতে ভগৱান শ্ৰী কৃষ্ণ আৰু সখা দামোদৰে চৌষষ্ঠি কলাৰ জ্ঞান অৰ্জন কৰিছিল। তমসাৰ তীৰৰ তপোবনৰ ওচৰৰ বৃক্ষৰ ছায়াত জন্ম হৈছিল বিশ্বৰ প্ৰথম কবিতা। এসময়ৰ চৰণীয়া পথাৰ বৃন্দাবন শ্ৰী কৃষ্ণৰ শৈশৱৰ অনন্ত মহিমাৰ লীলাভূমি। গৌতমেও গয়াৰ ওচৰৰ উপবনৰ বট বৃক্ষৰ ছায়াতেই বুদ্ধত্ব প্ৰাপ্ত হৈছিল। সেয়েহে অৰণ্য মানৱ সভ্যতা গঢ়ি তোলা কষটি শিল। জৈৱ বৈচিত্ৰৰ চহকী ক্ষেত্ৰ অসমভূমিক গুৰুজনাই "এক বৃক্ষ দশ পুত্ৰ সম" বাণীৰে প্ৰকৃতি সুৰক্ষাৰ সংকল্প আমাক দি থৈ গৈছে। তেৰাই "তুমি পশু পক্ষী/ তুমি তৰু তৃণ" বুলি প্ৰকৃতিৰ মাজতে ঈশ্বৰৰ স্বৰূপ উপলব্ধি কৰিছিল। গুৰুজনাৰ প্ৰকৃতিপ্ৰীতি অতুলনীয় আছিল। তেওঁৰ ৰচনাত সঘনাই অসমৰ থলুৱা ফুল-ফল, গছ-বনে ঠাই পাইছিল। তেখেতে সাহিত্যিক জীৱনৰ স্বৰ্ণদেউল 'কীৰ্তন-ঘোষা' গ্ৰন্থখনি বটদ্ৰৱাৰ এজোপা শিলিখা গছৰ ছাঁত বহি ৰচনা কৰিছিল। প্ৰকৃতি মানৱ সভ্যতাৰ তেখেত শ্ৰেষ্ঠ শিক্ষকৰ উদাহৰণ। প্ৰকৃতিৰাজ্যৰ পৰা গুৰুজনাই সাংস্কৃতিক তথা বৌদ্ধিক আন্দোলনটোৰ নেতৃত্ব দিছিল। এনেদৰেই প্ৰকৃতিৰ বুকুত ধ্যান কৰি, আশ্ৰম স্থাপন কৰি ঋষিমুণি সকলে জগতৰ বাবে অমৃতৰ সন্ধান কৰিছিল।

                         বৰ্তমান দূৰ্ভাগ্যজনক ভাৱে পশ্চিমীয়া উপযোগীতাবাদ বা ভোগবাদী সমাজবাদৰ প্ৰভাৱত পৰি মানুহে নিজৰ সংকীৰ্ণ স্বাৰ্থৰ বাবে এই অৰণ্যসমূহ ধ্বংস কৰিছে, পৰিনতিত পৰিৱেশৰ অৱনতি হৈ মানৱ সভ্যতালৈ ভয়ংকৰ ভাবুকি আহি পৰিছে। অৰণ্যৰ লগত মানুহৰ সহ-অৱস্থান আন কাৰণতো আৱশ্যকীয়। অৰণ্যই এৰি দিয়া অক্সিজেন গ্ৰহণ কৰি জীৱ তথা প্ৰাণীসমূহ জীয়াই আছে আৰু জীৱই এৰি দিয়া বিষাক্ত কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰি অৰণ্য বৰ্তি আছে। অৰণ্যই বৃষ্টিপাতত অৰিহণা যোগায় বসুন্ধৰাক শস্য শ্যামলা কৰে। সাম্প্ৰতিক সময়ত বনাঞ্চলৰ ধ্বংস যজ্ঞই প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰিছে, জৈৱ বৈচিত্ৰ্যৰ ভড়াল বনাঞ্চল সমূহৰ ভূমি ব্যাপক মাত্ৰাত বেদখলৰ ফলতো পৰিৱেশৰ প্ৰতি ভাবুকি আহি পৰিছে। অৰণ্যই জন অৰণ্যৰ প্ৰাণ। আজি পৃথিৱীৰ নিৰাপত্তাৰ বাবেই মানুহ হ'ব লাগিব অৰণ্য স্ৰষ্টা। পশ্চিমীয়া দৰ্শনে মানুহক প্ৰকৃতিৰ নিয়ন্তাৰূপে উপস্থাপন কৰাৰ বিপৰীতে ভাৰতীয় দৰ্শনে মানুহক প্ৰকৃতিৰ অংশৰূপত উপস্থাপন কৰিছে। দেখা গৈছে ভাৰতীয় দৰ্শনে কৰবাত নহয় কৰবাত প্ৰকৃতি সংৰক্ষণ কৰিছে। আহক আমি সকলোৱে ভাৰতীয় দৰ্শনৰ আদৰ্শৰে প্ৰকৃতিয়ে দি থকা অৱদান সমূহ সঠিকভাৱে আহৰণ কৰি অৰণ্যৰ প্ৰতি সজাগ তথা সচেতন হওঁ।
  

*দেৱজিত বৰুৱা শিৱসাগৰ।*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)