বছৰৰ দুখবোৰ নেওচা কৰি,
মনটো হৈ পৰিছে আনন্দেৰে উন্মাদ
বহাগে আঁতৰাইছে মনৰে বিষাদ।
সুৰীয়া মাতেৰে কুলীয়ে গাইছে
প্ৰকৃতিৰ অমিয়া গান,
ঢোলৰ মাত শুনি ৰ'বই নোৱাৰি
কৰিছে আলোকিত প্ৰাণ।
নতুন সাজ পিন্ধি বিৰিখেও নাচে
কপৌপাহেও নাচনীক ৰিঙিয়াই মাতে
সকলো হৈ পৰে আনন্দত মগন,
জীয়ৰীয়েও সাঁচে চেনাইলৈ বুলি
অতি যতনেৰে চেনেহৰ বিহুৱানখন।
আয়েও বনাইছে বিহুলৈ বুলি
নানা ৰকমৰ পিঠা,
হুঁচৰিয়ে জুৰাইছে গাঁৱৰ পৰিৱেশ
হৈছে সকলো আনন্দত মতলীয়া।
পেঁপাৰ মাতত, ঢোলৰ মাতত
জাগি উঠে অসমীয়া,
এয়াই আমাৰ চেনেহৰ বিহু
সকলো মিলি জুলি হয় একতা।
বিহু নহয় কেৱল অসমীয়া জাতিৰ প্ৰাণ,
বিহুৱেই অসমীয়া জাতিৰ মান।
সময়ৰ সোঁতত কেতিয়াও তুমি
ৰঙালীক নিদিবা বিদায়,
জাতিৰ মান ৰাখি আগুৱাব ৰঙালী
আদৰিবা তুমি সদায়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ