মলয়া মাধুৰী ব'হাগ -অনন্ত কুমাৰ ভূঞা

©Admin
0
ব'হাগ
শব্দহীন বাসনা নহয়  
ছন্দবিহীন চেতনা নহয়
গীতেৰে সজোৱা সময়
কৃষ্টিৰ সৃষ্টি সুমধুৰ
ৰাংঢালী গাভৰু প্ৰভাতৰ
মলয়া মাধুৰী জীৱনৰ 
এয়াই বসন্তৰ ব'হাগ 
সাত বিহুৰ ৰঙালী উৎসৱ ।
ঋতুৰাজ বসন্ত আহিছে
কপৌফুল ওলমি ফুলিছে
বতাহ বলিছে  উৎসৱৰ
হিয়া শাঁ‌ত পৰিছে
কুলি কেতেকীৰ সুৰীয়া মাতত ।
অতীতৰ ৰঙালী বিহু হেৰাল
গছে সলাই কুঁ‌হিপাত
বিহুৱে দেখুৱাই সমন্বয়ৰ বাট ।
ম'হৰ শিঙৰ পেঁ‌পা নাবাজে
দ'লনি পথাৰত
ৰঙালী আহিল নতুন ৰূপত
মঞ্চত বিহু ৰজনজনাই 
ঢোলৰ ওজা আছিল মঘাই 
জ্যেষ্ঠ জনক প্ৰণাম জনাম 
কনিষ্ঠক মৰম  বিলাম  
ৰঙালী বিহুৰ প্ৰথম পুৱাই ।
কপৌফুল গুজি লৈ 
ৰাংঢালী গাভৰুৱে 
প্ৰাণঢালি বিহু নাচে
কিনকিন বৰষুণত
প্ৰণয় জাগে এই উৎসৱত 
কঁ‌কালত টঙালি বান্ধি
খমখমীয়া মূগাৰ সাজ পিন্ধি
ঢোল পেঁ‌পা গগনা বজায়
এইয়াই মলয়া মাধুৰী ব'হাগ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)