ভাল পাওঁ বুলি ক'বানে এবাৰ ?
অভাৱী যুৱক বুলি
অৱহেলা নকৰিবা মোক
মইয়ো কোনোবা এদিন
সাতুৰি পাৰ হ'ম দুখৰ সাগৰ
ভাল পাওঁ বুলি ক'বলৈ
সাহস নাই মোৰ।
নীলা আকাশক প্ৰশ্ন কৰিলে
নিদিয়ে উত্তৰ
আজি কি হ'ব নাজানোঁ,
ডাৱৰে ঘেৰি ধৰিছে আকাশ
যিদিনা দেখিছিলোঁ
ভাল পাই পেলাইছিলোঁ তোমাক ।
অজানিতে সপি দিছিলোঁ হৃদয়
মৰম জাপি থৈছিলোঁ
থেৰো-গেঁৰো ভাৱে জটিল কৰিছিল
তুমি জানো ভাল পোৱা মোক?
✍️অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ