জননি জন্ম ভূমিৰ মাজতেই
জন্ম হোৱা সেই নগৰখন
দপ্দপ্কৈ জ্বলি শেষ হৈ গ'ল,
ধোঁৱাবোৰে চাৰিওফালে
আৱৰি ধৰা দেখি,
ভয়ত বিৰ্বণ সকলোৰে মুখ।
হাজাৰ জনতাই
এক হুলস্থূলীয়া পৰিৱেশত
জ্বলি শেষ হৈ যোৱা
মৃত দেহবোৰ বিচাৰি
চকুলো টুকিছে ।
আৰু
মই সেই বোৰৰ মাজতেই
দুখৰ সমভাগী হৈ
সকলোৰে চকুত নিগৰা
চকুপানী চাই ,
শিল পৰা কপৌৰ দৰে
একে থিৰে চাই ৰ'লো,
মোৰ দুচকুত চকুলো নিগৰাই ।
জননীৰ বুকুতে সেই নগৰখন
নিমিষতে জ্বলি শেষ হৈ যায় ।।
✍️ভাগ্যশ্ৰী বিনীতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ