হৃদয়ত তুমি - ৰুম্পী দাস

©Admin
0
তোমাৰ অপেক্ষাত ,
দুৱাৰ মুখত ৰৈ ৰৈ
হৃদয়খনত কম্পিত ৰূপৰ
ছবি সৃষ্টি হ'ল ।
তথাপি তোমাক কেতিয়াবা , 
 একেবাৰে হেৰুৱালেও
আজীৱন অশেষ হেঁপাহেৰে
মনত ৰাখিম ।
আপোন স্মৃতি হৈ
ৰৈ যাবা সঁচাকৈ ,
মোৰ কোমলীয়া শান্ত হৃদয়ত ।
কোনোৱা ক্ষণতটো 
তোমাক পাহৰি যাবলৈ ,
এই নিলাজ মনটোৱে 
কেতিয়াও নিবিচাৰে ।
আচলতে মোৰ মনটো
বৰ অকৰা যেন ,
সময়ে সময়ে তোমাক এবাৰ 
চোৱাৰ হেঁপাহ জাগে ।।

✍️ৰুম্পী দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)