ফাগুনৰ এটি ধূলিয়ৰি বাটেৰে
চিনাকি আবেলিৰ অচিনাকী বাটৰুৱা হৈ।
তেওঁ গুছি যোৱাৰ কথা আছিল
চিনাকি এটি সুৰৰ মাজেৰে
বুকুত হেঁপাহৰ ঢল বোৱাই থৈ।
দুটি চকু পানীৰে উপচাই
গাঁঠিম মালা মই হৃদয়ৰ বেদনাৰে
আইৰ দুহাতে বোৱা ৰুমাল তিয়াই লৈ।
তথাপি তেওঁ কিন্তু নুশুনিব
হৃদয়ৰ ৰাউচিজোৰা ক্ৰন্দনৰ ঢলবোৰ,
হয়তো তেওঁ বুজিও নুবুজিব
হৃদয়ত ৰৈ যোৱা কথাবোৰ।
তেওঁ এদিন উভতিব
তেওঁ অহা সেই চিনাকী পথেৰেই,
আস্যত কুটিল হাঁহি লৈ
হেঁপাহবোৰ বুটলি সেই একেটি বাটেৰেই।
হৈ যায় কথাবোৰ এনেকুৱা
দি যায় কল্পনাত অলেখ প্ৰত্যাশা
বৈ যায় বুকুত এখনি জীয়া নদী
ঘাত-প্ৰতিঘাতৰ অনেক কাহিনী ৰচি ।
✍️ কল্পনা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ