গুটিফুলৰ গামোচাখন দিছিলি
পাগুৰিত মোক বৰকৈ সজাইছে অ',
নাম ঘৰৰ মজিয়াত,হোমৰ গুৰিত
কেতিয়াবা খেতিপথাৰত আৰু
কেতিয়াবা সমাজৰ মাজত,
তোৰ দুহাতেৰে বোৱা গামোচাখন
বৰকৈ জিলিকিছে অ' আই ৷
কিযে আদৰৰ ! কিযে চেনেহৰ !
আৰু কত যে সন্মানৰ ,
তোৰ এই সপোন ৰচা গামোচাখনৰ
গামোচা মোৰ পৰিচয়,গামোচা মোৰ প্ৰাণ ৷
গামোচা মোৰ সুখৰ আৰু
গামোচা মোৰ দুখৰ সমভাগী ৷
আই তই মোক নিঠৰুৱা কৰা নাই ৷
জনমে জনমে মোৰ ডিঙিত জিলিকিব
তোৰ দুহাতেৰে বোৱা গামোচা খন,
আই শিৰত ৰাখিম তোৰ আশীৰ্বাদ কণ ৷
ৰজনী কুমাৰ ডেকা
ৰঙিয়া ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ