ঋতুৰ ৰাণী শৰৎ-নৱজিৎ নাথ

©Admin
0
ঋতু ৰাণী শৰতৰ নিগ্ধ পুৱাই , 
   মোৰ মনৰ গহন বনত
    আনে অনাবিল শান্তিৰ বাৰ্তা।

গুন গুনাই পক্ষী বোৰে
 মধুৰ গীত গায় আৰু
  সুললিত সুৰৰ সুমধুৰ ঝংকাৰত
   আলফুলে কঁহুৱা  বনে বতাহৰ 
গতি সলাই নাচে হালি-জালি।

 বতাহৰ অমিয়া সুৰৰ ৰাগ তুলি
    মোৰ কাণে কাণে কৈ যায়। 
     ঋতু ৰাণী মই শৰৎ....!
   পৃথিৱীৰ মলিয়নবোৰ আঁতৰাই 
         মানৱক শান্তি দিবলৈ আহিছো।

তুমি অনন্য  শৰৎ,
   লুইতৰ পাৰতে দুয়ো 
   একেলগে বহি উপভোগ কৰিছো । 
    তোমাৰ অস্তগামি  সুৰুযৰ 
    হেঙলীয়া মনোমোহা দৃশ্য ।
     য'ত দেহ-মন জুৰ পৰি যায়।।

✍️নৱজিৎ নাথ
     ছিপাঝাৰ,দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)