অমানিশা নামি আহে-গায়ত্ৰী কোঁৱৰ

©Admin
0
বৰষুণ ভালপোৱা ছোৱালীজনী 
আজি আকৌ হ'ল কি ?
আজি দেখোন তাইৰ মন খৰাং বতৰটোৰ দৰে ,
এনে লাগিছে যেন 
ফৰকাল আকাশৰ বুকুত 
কোনোবাই ছটিয়াই গ'ল 
চপৰা - চপৰে অভিমানৰ টোপোলা ।
উৰণীয়া সেই বতাহজাক যে ,
উৰুৱাই নিব খোজা 
কোনোবা প্ৰেমিকৰ প্ৰণয় বতৰা ।
নাই !
আজি একোৱেই তাইৰ মনত 
ঢৌ খেলাব পৰা নাই ,
দিব পৰা নাই গোলাপৰ পাহিত 
সপোন ৰচাৰ সুবাস ।
বৰষুণ ভালপোৱা তাইজনী 
আজি যেন তাই নহয় !
নিয়ৰৰ দলিচাত মুকুতাৰ মালা গথা 
সেই তাইজনীও আজি তাই নহয় !
তাই যেন শান্ত 
নীৰৱ ,
নিজৰ মাজতেই ,
নিসংগ নহয় যদিও তাই  আজি মৌন
ঠিক অমানিশাৰ জোনটোৰ দৰে ।

নাম : শ্ৰীমতী গায়ত্ৰী কোঁৱৰ। জিলা : ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)