চিনাকী সুগন্ধি-বিকাশ বৰা

©Admin
0
চ’ত মাহৰ এছাতি মৃদু বতাহে 
কিনো কলে কাণে কাণে
তাকে দেখি বসন্তৰ নতুন কুঁহিপাতে
আনন্দত হালে-জালে ।

প্ৰাণ পোৱা
এটি দুপৰীয়াৰ কবিতা তুমি
বৰষুণে ধোৱা অচিনাকী ঠাইখনৰ
চিনাকী সুগন্ধি ।

ভঙা সপোনৰ ৰিক্ত সীমনাত
আকৌ বৈছে প্ৰাপ্তিৰ ঢৌ, 
বন্ধুত্বৰ প্ৰাপ্তি ।
আকৌ ভাল লগা হৈছে
বৰষুণৰ চেঁচা টোপালবোৰ ।
সপোনবোৰে নতুনকৈ 
পোখা মেলিছে
কাৰোবাৰ আগমনত,
কাৰোবাৰ বন্ধুত্বৰ পৰশত ।

বসন্তৰ বাৰিষাজাকে লৈ আনে
সূৰুয আৰু মোৰ বন্ধুত্বৰ আৱেগ ।
সদায় নতুন হৈ পোখা মেলক
জীৱনৰ মধুৰ বাটটোৱে ।
ৰঙীন হৈ পৰক 
বৰষুণে ধোৱা
অচিনাকী ঠাইখনৰ চিনাকী সুগন্ধিবোৰে ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)