শুনিছনে মোৰে চেনাই
যাওঁ ব'ল হুঁচৰি গাবলৈ
দুয়ো আকৌ দুনাই।
দূৰণিৰ বাঁহীৰ সুৰত
বুকু মোৰ খামুচি ধৰিছে
শুনচোন কেতেকী জনীয়ে
মাজনিশা কিয়নো বিনাইছে!
ৰংঘৰৰ বাকৰিত নাচনী হৈ
কঁকাল ভাঙিম মই
ঢোল, পেঁপা, গগনাৰ
সুৰৰে মোক সজাবিনে তই ?
শেৱালী ফুল জানো খোপাত সাজে?
কপৌ আনি গুজি দে
ৰঙীন সপোনৰে চকু মোৰ ভৰা
লুইতৰ পাৰতে এখনি বালিৰ ঘৰ সাজি দে।
হঠাৎ কেতেকী জনীৰ বিননি শেষ
জোনটিও মাজ আকাশতেই হেৰাল,
আৰু কত সপোনৰ ৰংমেলা পাতিম
এইবেলি বিহুতো তোৰ কোনো খবৰ নোলাল।
বিহুৰ মাদকতাত বিলীন হ'ম নে
নাই তোৰ অপেক্ষাত অঘৰী হ'ম
ৰংঘৰৰ বাকৰিলৈ মুগাৰ সাজেৰে যাম নে
নাই তোৰ বাবে দিচাঙেৰে ব'ম?
আহঁত জোপাৰ তলতে ৰ'ম মই
বিহুৱান খন হাততে লৈ
এইবাৰ তই আহিলে
মোকো লৈ যাবি তোৰ অচিনা দেশলৈ।
চেনাই এবাৰ ঘূৰি আহ
চেনেহৰ বহাগ আহি পদূলিত মোৰে সোনাই..
✍️ জাৱাহিদা বেগম ( মৰিগাঁও)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ