ভাৰ তুলি যমুনা ঘাটত ,
দধি দুগ্ধ লৈ যায় মথুৰা হাটলৈ
সোণ বিকি ভগা নাৱত ।
যমুনাৰ পাৰত নাৱৰীয়া কানাই
যৌৱন চঞ্চলা চাৱনিৰে ,
হৃদয় শাৰীত থিয় হৈ হৰি নিলে
মন বোলোৱা পিৰিতিৰ কথাৰে ।
মোহন বাঁহীৰ সপ্ত সুৰৰ বিন্ধাত
কৃষ্ণময়ী বৰষে অধাৰামৃত ,
বেণুগীত শুনি বাউলি হৈ ৰাধে
ঢাপলি মেলে কদম্ব তলত ।
গোপন প্ৰেমৰ কৃষ্ণ-লীলা জানি
গকুলত হাঁহিছে গোপীনী ,
উতনুৱা মনৰ প্ৰণয়ৰ তাড়নাত
নাযাও কৈও থাকিব নোৱাৰি ।
ললিত লয়ত অন্তৰত সঞ্চিত
প্ৰগাঢ় প্ৰেমৰ বোৱতী ধাৰাত,
গোপন অভিসাৰ জগতে জানিলে
নাম পালে "কলংকিনী ৰাধে" ।
✍️মাৰ্জিনা বেগম, বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ